স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি গোলাঘাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷
গোলাঘাটৰ বিদ্যুৎ বিভাগৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ জনাই স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধ কৰাৰ লগতে অত্যাধিক মাছুল সংগ্ৰহ বন্ধ কৰিবলৈ সকীয়াই দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে৷
স্মাৰ্ট মিটাৰৰ নামত অত্যাধিক মাছুল সংগ্ৰহ বন্ধ নকৰিলে অনাগত দিনত জংগী আন্দোলন কৰাৰ ভাবুকি দিয়ে সংগঠনটোৱে৷