অসম আৰক্ষীয়ে বোমা স্থাপন সন্দৰ্ভত চলাই থকা অভিযানত জনসাধাৰণক সমৰ্থন আৰু সহায়ৰ বাবে অনুৰোধ জনাইছে। এই সমৰ্থন আৰু সহায় কৰাৰ বিনিময়ত অসম আৰক্ষীয়ে আপোনাক ৫ লাখ টকাৰ উপাৰ্জন কৰাৰ সুন্দৰ অফাৰ দিছে৷ মাথো তথ্য গোটাই দিব পাৰিলেই ৫ লাখ টকা লাভ কৰিব৷ কিন্তু এই কাম ইমান সহজ নহয়৷ বোমা স্থাপন কৰা লোকক চিনাক্ত কৰি দিবলৈ বিশেষ নম্বৰ জাৰি কৰিছে আৰক্ষীয়ে৷ যদি কোনো লোকে বোমা স্থাপন কৰা লোকক চিনাক্ত কৰিব পাৰে তেন্তে অসম আৰক্ষীয়ে তেওঁক ৫ লাখ টকা পুৰস্কাৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে৷
অসম আৰক্ষীৰ 9132699735 নম্বৰত হোৱাটছএপ কৰিব পাৰিব৷ নাইবা অসম আৰক্ষীৰ অফিচিয়েল ছ’চিয়েল মিডিয়াত থকা একাউণ্ট যেনে ফেচবুক, টুইটাৰ নতুবা ইনষ্টাগ্ৰামত পোনপটীয়াকৈ মেছেজ দি তথ্য জনাব পাৰিব৷
* Facebook: www.facebook.com/police.assam
* X(Twitter): www.x.com/assampolice
* Instagram: www.instagram.com/assampolice
উল্লেখ্য যে, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ২৫ স্থানত আলফা স্বাধীনে স্থাপন কৰিছিল বোমা৷ বোমা স্থাপন কৰা স্থানৰ ফটোসহ তথ্য জাৰি কৰি কাৰিকৰী বিজুতিৰ বাবে বোমাসমূহ নুফুটা বুলি কৈছিল আলফা স্বাধীনে৷ তাৰ পাছতে অসম আৰক্ষীয়ে এটাৰ পাছত এটা বোমা ক্ৰমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ৰাজধানী গুৱাহাটী মহানগৰীতো আলফা স্বাধীনে বোমা স্থাপন কৰিছিল যদিও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷