পুত্ৰই বিজেপিত যোগদানৰ পাছৰে পৰা গ্লানিৰ সন্মুখীন হৈ আহিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অকণ বৰা। দিছপুৰৰ প্ৰাক্তন বিধায়ক তথা তৰুণ গগৈ চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী অকণ বৰাই লাজে-অপমানে দলৰ সকলো পদবী ত্যাগ কৰাৰ ঘোষণা কৰে। সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক আজি পদত্যাগ পত্ৰ প্ৰদান কৰে অকণ বৰাই। অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমিতি আৰু পলিটিকেল এফেয়াৰ্ছ সমিতিৰ (PAC) সদস্য হৈ আছিল। আজি দুয়োটা পদৰ পৰা পদত্যাগ কৰে অকণ বৰাই।
অকণ বৰাৰ পুত্ৰ মানস বৰাই লোকসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। তাৰ পাছৰে পৰা দলত এলাগী হৈছিল অকণ বৰা। যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে হঠাতে মানস বৰাই বিজেপিত যোগদান কৰাত ক্ষোভিত হৈছিল কংগ্ৰেছ নেতৃত্ব।