ভূতৰ ওপৰত দানহ পৰাৰ দৰে হৈছে বিদ্যুৎ বিভাগ। বিদ্যুতৰ সঘন আহ-যাহৰ সময়তে অত্যাধিক বিদ্যুৎ মাছুলে দেউলীয়া কৰিছে ৰাজ্যবাসীক৷ এতিয়া প্ৰতিখন চহৰ আৰু প্ৰতিখন গাঁৱৰ লোক অতিষ্ঠ। স্মাৰ্ট মিটাৰ বহুৱাই সাধাৰণ নাগৰিকক লুটিছে বিদ্যুৎ বিভাগে৷ এনে হঠকাৰি কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ অসম ছাত্ৰ সন্থা৷ সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে৷
বিভিন্ন প্ৰান্তত হাতে হাতে বেনাৰ-পোষ্টাৰ-ফেষ্টুন লৈ ৰাজপথলৈ ওলাই অহা আছুৰ নেতা-কৰ্মীয়ে পৰিৱেশ উত্তাল কৰি তোলে৷ ৰাজ্য চৰকাৰ, মুখ্যমন্ত্ৰী আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা আছুৱে শীঘ্ৰে বিদ্যুতৰ আহ-যাহ ৰোধ কৰাৰ লগতে বিদ্যুতৰ মাছুল বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়৷ আছুৱে বিদ্যুৎ যোগান নিয়মীয়া কৰা, অভাৱনীয় হাৰত বিদ্যুতৰ মাছুল বৃদ্ধি ৰোধ, স্মাৰ্ট মিটাৰৰ নামত জনসাধাৰণক কৰা অত্যাচাৰ বন্ধ কৰিবলৈ দাবী জনাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেতক৷