

ডিজিটেল ডেস্কঃ কলকাতাৰ মহিলা চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ গোচৰত মমতা চৰকাৰ আৰু কলকাতা আৰক্ষীক লৈ প্ৰশ্ন উত্থাপন কৰি এতিয়া যেন বিপদত পৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ। আচলতে ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰায়ে কলকাতা আৰক্ষী আয়ুক্তক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ পিছতে সাংসদগৰাকীলৈ চমন জাৰি কৰি সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে আৰক্ষীয়ে।
জানিব পৰা মতে, বুধবাৰৰ বিয়লিৰ ভিতৰত মধ্য কলকাতাৰ কলকাতা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে সাংসদ সুখেন্দু শেখৰ ৰায়ক। সাংসদগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলযোগে আৰ জি কৰ মেডিকেল কলেজৰ অধ্যক্ষ আৰু তেওঁৰ দুই সহকৰ্মীক জিম্মাত লৈ জেৰা কৰিব লাগে বুলি পোষ্ট দিয়াৰ কেইঘণ্টামান পিছতে চমন জাৰি কৰে আৰক্ষীয়ে।
উল্লেখ্য যে, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰশ্ন উত্থাপন কৰি সুখেন্দুৱে কৈছিল যে চিবিআইয়ে কলকাতা হত্যাকাণ্ডৰ গোচৰৰ নিৰপেক্ষ তদন্ত কৰিব লাগে। তেওঁ কয় যে আৰক্ষী আয়ুক্ত আৰু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষক প্ৰথমে জিম্মাত ল’ব লাগে আৰু তাৰ পিছত আত্মহত্যাৰ কাহিনী কোনে সৃষ্টি কৰিলে সেই সম্পৰ্কে তদন্ত কৰিব লাগে।
মমতা চৰকাৰক লৈ অহৰহ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি অহা টি এম চিৰ সাংসদ সুখেন্দু শেখৰ ৰায়ে ১৪ আগষ্টত চিকিৎসকৰ প্ৰতিবাদকো সমৰ্থন জনায়। তেওঁ কয়, ”বংগৰ লাখ লাখ পৰিয়ালৰ দৰে মোৰো এগৰাকী কন্যা আছে আৰু মই তেওঁলোকক সমৰ্থন কৰিবলৈ ওলাইছো।’’ তেওঁ লগতে কয় যে এই ঘটনাই মহিলাৰ বাবে কলকাতা আটাইতকৈ সুৰক্ষিত বুলি ধাৰণাটোক অসত্য বুলি প্ৰমাণ কৰিছে।
ইফালে ভুক্তভোগী মহিলা চিকিৎসকগৰাকীৰ পৰিচয় প্ৰকাশ কৰি সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট দিয়াৰ অভিযোগত বিজেপিৰ নেতা তথা লোকসভাৰ প্ৰাক্তন সাংসদ লকেট চেটাৰ্জী আৰু দুজন চিকিৎসককো চমন জাৰি কৰিছে কলকাতা আৰক্ষীয়ে।