

গুৱাহাটীঃ বটদ্ৰৱাত নগাঁও জিলা কৰ্তৃপক্ষই ঘৰ ভাঙি পেলোৱা ছফিকুল ইছলামৰ বিধৱা পত্নী ৰছিদা খাতুনক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
উল্লেখ্য যে, ২০২২ চনত বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া ঘটনাৰ পিছতে প্ৰশাসনে বুলডোজাৰ চলাই ভাঙি পেলাইছিল ছফিকুল ইছলামৰ বাসগৃহটো।
বিষয়টোৰ সমাধানৰ বাবে পৰৱৰ্তী সময়ত ন্যায়ালয়ে নিজাববীয়াকৈ এক জনস্বাৰ্থৰ গোচৰৰ শুনানি আৰম্ভ কৰে। আৰু এই গোচৰৰ সিদ্ধান্ততে অসম চৰকাৰক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে আদালতে।
আদালতৰ শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তা এন কে শৰ্মাই আদালতক জনায় যে চৰকাৰে ক্ষতিগ্ৰস্ত আন ছটা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বিপৰীতে ৰছিদা খাতুনে এতিয়াও তেওঁৰ ক্ষতিৰ বাবে কোনো ধৰণৰ ধন লাভ কৰা নাই।
ক্ষতিপূৰণ বিতৰণৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা শপতনামাৰ জৰিয়তে এই বৈষম্য আদালতৰ দৃষ্টিগোচৰ কৰা হৈছিল।
শপতনামাত উল্লেখ কৰা অনুসৰি অসম চৰকাৰে কংক্ৰিটেৰে বনোৱা পকী ঘৰ ভঙা দুটা পৰিয়ালক ১২ লাখ টকাকৈ প্ৰদান কৰিছিল।
ইয়াৰ উপৰিও পকী নকৰা ঘৰত বাস কৰা আন চাৰিটা পৰিয়ালে ২.৫ লাখ টকাকৈ ক্ষতিপূৰণ লাভ কৰে। এই ধন পৰিশোধ কৰাৰ পিছতো ৰছিদা খাতুনৰ ক্ষতিপূৰণ বাকী আছিল।
অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ চৰকাৰী অধিবক্তা ডি নাথে আদালতক আশ্বাস দিয়ে যে গৃহ বিভাগে ইতিমধ্যে ৰছিদা খাতুনৰ ক্ষতিপূৰণত অনুমোদন জনাইছে।
তেওঁ লগতে প্ৰতিশ্ৰুতি দিয়ে যে অহা দুসপ্তাহৰ ভিতৰত এই ধন প্ৰদান কৰা হ’ব।
আদালতৰ এই নিৰ্দেশনাক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ন্যায় নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দেখা গৈছে, বিশেষকৈ নিজৰ প্ৰাপ্য ক্ষতিপূৰণৰ বাবে অপেক্ষা কৰি থকা ৰছিদা খাতুনৰ বাবে।