বংগ মহিলাৰ বাবে নিৰাপদ ঠাই নহয়! -পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৰ মুখ্যমন্ত্ৰীক সমালোচনা

ডিজিটেল ডেস্কঃ ‘মহিলাৰ বাবে নিৰাপদ নহয় পশ্চিম বংগ। বৰ্তমানৰ চৰকাৰখনে মহিলাসকলক নিৰাশ কৰিছে। মহিলাৰ সুৰক্ষাত ব্যৰ্থ হৈছে এই চৰকাৰখন।’ – কলকাতাৰ মেডিকেল কলেজত মহিলা চিকিৎসকৰ সৈতে সংঘটিত জঘন্য ঘটনা সন্দৰ্ভত সোমবাৰে এই মন্তব্য কৰিছে পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে।

সোমবাৰে তেওঁ মমতা বেনাৰ্জী চৰকাৰক সমালোচনা কৰি কয়, ”বংগ নাৰীৰ বাবে নিৰাপদ ঠাই নহয়। বৰ্তমানৰ চৰকাৰখনে মহিলাসকলক নিৰাশ কৰিছে। সমাজ নহয়, বৰঞ্চ এই চৰকাৰখন নাৰীৰ সুৰক্ষাত ব্যৰ্থ হৈছে। বংগক পুনৰ নিজৰ অতীতৰ গৌৰৱলৈ ঘূৰাই অনা উচিত য’ত নাৰীৰ সমাজত এক সন্মানীয় স্থান আছিল। এতিয়া মহিলাসকলে ‘গুণ্ডা’ৰ ভয়ত দিন পাৰ কৰিবলগীয়া হয়। এয়া সংঘটিত হৈছে কেৱল এই সংবেদনহীন চৰকাৰখনৰ বাবে।’’

ৰাজ্যপালগৰাকীয়ে লগতে কয়, “বংগত চৰকাৰে নিশ্চিত কৰিছে যে মহিলাৰ কোনো সুৰক্ষা নাই, সেয়াই আৰ জি কৰ মেডিকেল কলেজত সংঘটিত হোৱা ভয়ংকৰ ট্ৰেজেডীৰ পিছত প্ৰতিফলিত হৈছে। এনে ঘটনা দুনাই নঘটক।’’

উল্লেখ্য যে, আজি দিল্লী ভ্ৰমণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৰাজ্যপাল চি ভি আনন্দ বসুৱে। এই সাক্ষাৎকালত তেওঁ বংগৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক প্ৰতিবেদন দাখিল কৰিব পাৰে।

ইফালে, মৃত চিকিৎসকজনৰ পিতৃ-মাতৃৰ বক্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যপালে কয়, “মই মাতৃৰ আৱেগক সন্মান কৰো। আইনে নিজৰ ধৰণেৰে কাম কৰিব।”

মন কৰিবলগীয়া যে, আজি ৰাখী বন্ধনৰ পবিত্ৰ দিনটোত ৰাজভৱনত কেইবাগৰাকীও মহিলা চিকিৎসকে ৰাখী পিন্ধায় ৰাজ্যপাল বসুক। এই সময়ত ৰাজ্যপালগৰাকীয়ে নাৰীসকলক ঈশ্বৰৰ আটাইতকৈ সুন্দৰ সৃষ্টি বুলি অভিহিত কৰি ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰে।

আনহাতে ইয়াৰ পূৰ্বে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল চি ভি আনন্দ বসুক কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ ধৰ্ষণ-হত্যাকাণ্ডৰ গোচৰত তাৎক্ষণিক আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত হৰভজন সিঙে প্ৰেৰণ কৰা পত্ৰৰ পিছতে পত্ৰখন সম্বোধন কৰাৰ ঘোষণা কৰে ৰাজভৱনে।

এক্সৰ পোষ্টত ৰাজ্যপালৰ কাৰ্যালয়ে কয়, “আৰ জি কৰ মেডিকেল কলেজত সংঘটিত হোৱা কৰুণ ঘটনাক লৈ শ্ৰী হৰভজন সিঙৰ পৰা অহা চিঠিখনৰ ওপৰত ৰাজ্যপালে ক্ষিপ্ৰ পদক্ষেপ লৈছে। ৰাজ্যপালে বংগৰ এটা ক্ৰছ ছেকচনৰ জৰুৰী বৈঠক আহ্বান কৰিছে।”

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে