বানপানীৰ সময়ত দাম বাঢ়েই, এই মাহৰ পৰা দাম কমিব শাক-পাচলিৰ! দায়সৰা মন্তব্য মুখ্যমন্ত্ৰীৰ…

গুৱাহাটীঃ ‘বানপানীৰ বাবে শাক-পাচলিৰ দাম বৃদ্ধি পাইছিল। এতিয়া বানপানী গ’ল, দাম কমিব।’ -এনে মন্তব্য কৰিয়েই মূল্যবৃদ্ধি প্ৰসংগত নিজৰ দায় সামৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বজাৰত পুনৰ জুই লাগিছে। পুনৰ বৃদ্ধি পাইছে কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰী দাম। চাউল, দাইল, আটা, মিঠাতেল আৰু ৰিফাইন তেলৰ মূল্যত বৃদ্ধি পাইছে ৫-১০ শতাংশ পৰ্যন্ত।

ইফালে বজাৰত কেঁচা শাক-পাচলিৰ মূল্যইও জ্বলাকলা খুৱাইছে জনতাক। শাক-পাচলিৰ আকাশলংঘী মূল্যৰ বাবে বিপাঙত পৰিছে সাধাৰণ গ্ৰাহক।

বজাৰত শাক-পাচলিৰ অভাৱনীয় মূল্যক লৈয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়সৰা মন্তব্য কৰা দেখা যায়। তেওঁ কয় যে বানপানীৰ বাবে শাক-পাচলিৰ দাম বাঢ়েই।

মুখ্যমন্ত্ৰীয়ে কয়, ”বানপানীৰ সময়ত সকলো খেতি পথাৰতে পানী হয়। আমাৰ ইয়াত শাক-পাচলি মজুতৰ বাবে শীতল সংৰক্ষণো নাই, সেয়ে বানপানীৰ সময়ত শাক-পাচলিৰ দাম বাঢ়েই। এইটো এটা ট্ৰেণ্ড হয়। এতিয়া বানপানী গ’ল, লাহে লাহে দামো কমিব। এই মাহৰ পৰা শাক-পাচলিৰ দাম কমিবলৈ আৰম্ভ কৰিব।’’

উল্লেখ্য যে, মূল্যবৃদ্ধি প্ৰসংগত দায়সৰা মন্তব্য কৰাটো অসমৰ বিজেপি চৰকাৰৰ নেতা-মন্ত্ৰীৰ বাবে নতুন নহয়। বিদ্যুৎ মাচুল বৃদ্ধি প্ৰসংগত পূৰ্বে গছৰ তলত জিৰাবলৈ পৰামৰ্শ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। সেইদৰে আলুৰ দাম বৃদ্ধিৰ বাবে পিঁয়াজ ভাজি খাবলৈও পৰামৰ্শ দিছিল আন এগৰাকী বিজেপি নেতাই।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে