গুৱাহাটীৰ চিটি চেণ্টাৰত বোমাতংক।
জি এছ ৰোডস্থিত চিটি চেণ্টাৰত সৃষ্টি হয় বোমাতংক।
ইয়াৰ পিছতে খালী কৰি দিয়া হয় ৮ মহলীয়া অট্টালিকাটো।
বন্ধ কৰি দিয়া হয় ছবিগৃহ আৰু সকলো দোকান-পোহাৰো।
মাইকযোগে সকলো গ্ৰাহকক বাহিৰলৈ ওলাই আহিবলৈ আহ্বান জনায় চিটি চেণ্টাৰ কৰ্তৃপক্ষই।
আনহাতে বোমাতংকৰ কিছু সময় পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল।
চিটি চেণ্টাৰৰ গেটত আঁৰি দিয়া হয় সতৰ্কতামূলক জাননী।