
গুৱাহাটীঃ শিৱসাগৰৰ মজিয়াত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক বহিৰাগত ব্যৱসায়ীৰ এটা দলে সংঘটিত কৰা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে জিলাখনত।
শিৱসাগৰত বহিৰাগতৰ দপদপনি বন্ধ কৰাৰ দাবীৰে আৰু অভিযুক্ত ব্যৱসায়ী কেইজনক শীঘ্ৰে আইনী শাস্তি বিহাৰ দাবীৰে শিৱসাগৰৰ ৰাজপথ কঁপাইছে ৩০টাতকৈও অধিক দল-সংগঠন আৰু সহস্ৰাধিক অসমীয়া ৰাইজে।
এই সকলোবোৰৰ মাজতে দিছপুৰ থানাত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰক লৈ এইবাৰ সৰৱ হৈ পৰিছে আলফা স্বাধীন।
এক বিবৃতিযোগে শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ শীঘ্ৰে উঠাই ল’বলৈ সকিয়নী প্ৰদান কৰিছে পৰেশপন্থী আলফাই।
উল্লেখ্য যে, মাৰোৱাৰী যুৱ মঞ্চকে ধৰি অনা-অসমীয়া সম্প্ৰদায়সমূহক ভীতি প্ৰদৰ্শন কৰাৰ অভিযোগ তুলি দিছপুৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গৌৰৱ সোমানী নামৰ এজন লোকে।
এই এজাহাৰৰ প্ৰসংগতে এক প্ৰেছ বিবৃতি জাৰি কৰি বহিৰাগত আৰু আৰক্ষীক কঠোৰ সকিয়নী প্ৰদান কৰে আলফা স্বাধীনে।
আলফা স্বাধীনে কয় যে শিৱসাগৰত বহিৰাগতৰ দপদপনিৰ বিৰুদ্ধে ৩০ সংগঠন আৰু স্থানীয় ৰাইজে কৰা প্ৰতিবাদ তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ।
আনহাতে যদি গৌৰৱ সোমানী নামৰ লোকজনে শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ উঠাই নলয়, তেন্তে এজন মাৰোৱাৰীৰ বাবে অসমৰ সমগ্ৰ বহিৰাগতই বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও সকিয়নী প্ৰদান কৰে আলফা স্বাধীনে।