

ডিজিটেল ডেস্কঃ সুৰাপান কৰি উদ্ভণ্ডালি কৰা অভিযুক্তক আটক কৰিবলৈ যোৱা আৰক্ষীৰ বাহনতে আক্ৰমণ চলালে একাংশ লোকে। সোমবাৰে নিশা বিহাৰৰ চাৰণ জিলাৰ পাৰ্ছা থানা এলেকাৰ চাগুনি গাঁৱত সংঘটিত এই আক্ৰমণৰ ঘটনাত কেইবাজনো আৰক্ষী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ইফালে এই ঘটনাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত সকলৰ ভিতৰত চাৰিজন পুৰুষ আৰু দুগৰাকী মহিলাও আছে। জানিব পৰা মতে, আৰক্ষীয়ে পঞ্জীয়ন কৰা এজাহাৰত মুঠ ১৯ জন অভিযুক্তৰ নাম উল্লেখ আছে।
লাভ কৰা তথ্য অনুসৰি, সোমবাৰে নিশা পাৰ্ছা থানাত কৰ্মৰত উপ পৰিদৰ্শক সীতল প্ৰসাদ গুপ্তাই আৰক্ষী বাহিনীৰ সৈতে টহল দিবলৈ ওলাই আহিছিল।
এই সময়ছোৱাত একাংশ লোকে মদ খাই চাগুনি গাঁৱত হুলস্থুলৰ সৃষ্টি কৰা প্ৰত্যক্ষ কৰে আৰক্ষীৰ দলটোৱে। মদ খাই উদ্ভণ্ডালি কৰা এজন মদ্যপায়ীক আটক কৰে আৰক্ষীয়ে।
ইফালে লোকজনক আটক কৰা বুলি জানিব পৰাৰ পিছতে একাংশ স্থানীয় লোক একগোট হৈ আৰক্ষীৰ বাহনখন ৰখাই অভিযুক্তজনক গাড়ীৰ পৰা নমাই আনিবলৈ চেষ্টা কৰে।
কিন্তু আৰক্ষীয়ে এই কাৰ্যত বাধা দিয়াত গাঁওবাসীয়ে আৰক্ষীৰ ওপৰতে আক্ৰমণ চলাবলৈ আৰম্ভ কৰে, য’ত কেইবাজনো আৰক্ষী জোৱান আহত হয়।
এই ঘটনাৰ পিছত আহত আৰক্ষী জোৱান কেইজনক চিকিৎসাৰ বাবে পাৰ্ছাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। আহত আৰক্ষী জোৱান কেইজনৰ ভিতৰত আছে উপ পৰিদৰ্শক সীতল প্ৰসাদ গুপ্তা, জোৱান নন্দ কিশোৰ ৰায় আৰু সুশীল প্ৰসাদ সিং।
এই ঘটনাৰ পিছত আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰি এই ঘটনাৰ লগত জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ কৰে।