
ৱাই বি ৱাই ট্রেডিং এপৰ বৃহৎ লুণ্ঠনৰ পিছত এইবাৰ ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত শ শ কোটি টকা লুটি লৈ গল ডি বি ষ্টক ব্ৰকাৰ নামৰ মহানগৰীৰ এটা কনচালটেন্সীয়ে।
গ্ৰাহকক বছৰি ১২০ শতাংশ পর্যন্ত লাভ দিয়াৰ প্ৰলোভন দি সমস্ত জমা ধন লুট দীপাংকৰ বৰ্মন নামৰ যুৱকজনৰ।
পলাতক দীপাংকৰ বর্মনক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
উল্লেখ্য যে, ২০১৮ চনত দীপাংকৰ বৰ্মনে আৰম্ভ কৰিছিল ডি বি ষ্টক ব্ৰকাৰ নামৰ কনচালটেন্সীটো।
ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰি অধিক মুনাফা অৰ্জনৰ লালসাত অসম তথা উত্তৰ-পূবৰ লগতে মুম্বাই, হায়ডৰাবাদ আদিৰ লোকেও সাঁচতীয়া টকা বিনিয়োগ কৰিছিল ডি বি ষ্টকত।
আনকি অষ্ট্ৰেলিয়াৰ পৰাও বিনিয়োগ কৰা হৈছিল ডি বি ষ্টকত। ৮০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিছিল একো একোজন গ্ৰাহকে।
গ্ৰাহকক জমাধনৰ ওপৰত বছৰি ১২০ শতাংশ, ৬ মাহত ৫৪ শতাংশ, ৩ মাহত ২৭ শতাংশ আৰু এমাহত ৮ শতাংশ লাভ দিয়াৰ প্ৰলোভন দিছিল ডি বি ষ্টকে।
কিন্তু শেষত গ্ৰাহকৰ শ শ কোটি টকা বিনিয়োগৰ ধন লুট কৰি পলায়ন কৰে দীপাংকৰ বৰ্মনে। ইয়াৰ পিছতে গ্ৰাহকৰ মাজত লাগে হাহাকাৰ।
ইতিমধ্যে এই বৃহৎ লুণ্ঠনৰ তদন্ত চলাই আৰক্ষীয়ে আটক কৰিছে পলাতক দীপাংকৰ বৰ্মনৰ প্ৰেয়সীক।