
নিউজ ডেস্কঃ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান হেমন্ত ছ’ৰেন চৰকাৰৰ মন্ত্ৰী চম্পাই ছ’ৰেনে বিজেপিত যোগদান কৰিব বুলি বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে নিজাকৈ দল গঠনৰ কথা ঘোষণা কৰে চম্পাই ছ’ৰেনে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত চম্পাই ছ’ৰেনে বুধবাৰে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰৰ সময়ত কয়, ”মই ৰাজনীতিৰ পৰা অৱসৰ নোলাও, কিন্তু জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰিছো। আমি নিজাকৈ এটা দল গঠন কৰিম। আমাৰ দৰেই মতাদৰ্শৰ নতুন সংগী বিচাৰি পালে আমি তেওঁলোকৰ সৈতে আগবাঢ়ি যাম। এই দুটা কাম কৰিব লাগিব। এই দাবী জনসাধাৰণৰ।’’
প্ৰণিধানযোগ্য যে, হেমন্ত ছ’ৰেনৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত চম্পাই ছ’ৰেনৰ এই ঘোষণাই এতিয়া সমস্যা বৃদ্ধিৰ ইংগিত দিছে শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চাৰ। হেমন্ত ছ’ৰেন কাৰাগাৰত থকাৰ সময়ত চম্পাই ছ’ৰেনেই ৰাজ্যখনৰ বাঘজৰী চম্ভালিছিল। অৱশ্যে জেলৰ পৰা ওলাই অহাৰ লগে লগে হেমন্ত ছ’ৰেন পুনৰ মুখ্যমন্ত্ৰী হয়। এনে কাৰণতে চম্পাই ছ’ৰেনে এতিয়া নতুন পথৰ সন্ধান কৰাৰ সন্দেহ কৰা হৈছে।
চম্পাই ছ’ৰেনে কয়, ‘আমি দিল্লীত কোনো বিজেপি নেতাক লগ পোৱা নাছিলো। সন্তান আৰু নাতিক লগ কৰিবলৈ গৈছিল। দাপোনৰ দৰে আমি আমাৰ চিন্তা আৰু ধাৰণা জনসাধাৰণৰ আগত ৰাখিছো। আমি আগৰ পৰাই আদিবাসী, দলিত আৰু দুখীয়াৰ বাবে যুঁজ দি আহিছো। ভৱিষ্যতেও কৰিম। আমি সেই মানুহবোৰক তেওঁলোকৰ অধিকাৰ দিম। আমি লিখাখিনি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি পুনৰাবৃত্তি কৰিব বিচৰা নাছিলো। আমি নতুন আৰম্ভণি কৰিছো।’’
একে সময়তে জে এম এমৰ ফালৰ পৰাও কোৱা হৈছে যে চম্পাই ছ’ৰেন আমাৰ সন্মানীয় নেতা। পাৰ্টিত থাকক। এই সন্দৰ্ভত তেওঁ কয় যে প্ৰতিজন ব্যক্তিৰ নিজৰ নিজৰ চিন্তা থাকে, জেএমএমৰ নেতাৰ যিয়েই চিন্তা কৰাটো ভাল। বিধানসভা নিৰ্বাচন হ’বলৈ ওলাইছে। সমগ্ৰ ঝাৰখণ্ড ভ্ৰমণ কৰিব।
ইফালে জীতেন মাঝিয়ে চম্পাই ছ’ৰেনক বিজেপিলৈ আদৰণি জনোৱা প্ৰসংগত তেওঁ কয়, ”যিসকলক আমাৰ শুভাকাংক্ষী, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো।’’