মুখ্যমন্ত্ৰীৰ দাবী- স্মাৰ্ট মিটাৰৰ ফলত কমিছেহে বিদ্যুৎ বিল! মেন্যুৱেল মিটাৰৰ সৈতে তুলনা কৰিলেই ওলাই পৰিব প্ৰকৃত সত্য

গুৱাহাটীঃ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ উজান উঠাৰ সময়তে স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিল এটকাও বেছিকৈ নাহে বুলি পুনৰ ৰাইজক আভুৱা ভাৰিবলৈ চেষ্টা চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত বিদ্যুৎ বিল হ্ৰাস পাইছে বুলিহে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকলে স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বেছিকৈ আহে বুলি ভাৱে, তেওঁলোকৰ ঘৰত স্মাৰ্ট মিটাৰৰ লগতে একোটাকৈ মেনুৱেল মিটাৰো লগাই দিব বুলিও মন্তব্য কৰে শৰ্মাই।

সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীজনে কয়, ”মানুহে বিদ্যুৎ বিল তুলনা কৰে পূৰ্বৰ মাহৰ বিদ্যুৎ বিলৰ লগত। কিন্তু যিটো মাহৰ বিদ্যুতৰ বিল তুলনা কৰে, সেয়া পূৰ্বৰ বছৰৰ একেটা মাহৰ বিদ্যুতৰ বিলৰ সৈতে তুলনা কৰিলেহে প্ৰকৃত সত্যটো জানিব পাৰিব।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে স্মাৰ্ট মিটাৰৰ বিল বেছিকৈ আহে বুলি যিসকলে ভাৱিছে, তেওঁলোকৰ ঘৰত এটাকৈ মেন্যুৱেল মিটাৰো লগাই দিয়া হওক। এমাহৰ পিছত দুয়োটা মিটাৰৰ ৰিডিং চালেই সত্যটো ওলাই পৰিব। স্মাৰ্ট মিটাৰ আৰু মেন্যুৱেল মিটাৰৰ মাজত যদি এটা পইণ্টৰো গণ্ডগোল ধৰা পৰে, তেন্তে স্মাৰ্ট মিটাৰ অসমৰ পৰাই উঠাই দিয়া হ’ব বুলিও দম্ভালি মাৰে মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত বিদ্যুৎ বিল কমিছেহে। তেওঁ কয়, ‘স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত বিদ্যুৎ বিল বাঢ়িলে এপিডিচিএলৰ উপাৰ্জনো বাঢ়িব লাগিছিল। কাৰণ বিদ্যুৎ বিল বাঢ়িলে সেই ৰাজহ এপিডিচিএলত জমা হ’ব। কিন্তু তেনেকুৱা হোৱা নাই।’’

আনহাতে জুন-জুলাই-মে’-আগষ্ট মাহত বিদ্যুৎ বিল বেছি হৈয়েই বুলি মন্তব্য কৰি অক্টোবৰ মাহৰ পৰা বিল কমি আহে বুলিও যুক্তি দৰ্শায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তদুপৰি অহা ১ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰতি ইউনিটত ১ টকাকৈ বিদ্যুৎ মাচুল হ্ৰাস পাব বুলি আশ্বাস দি মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে অসমেই দেশৰ একমাত্ৰ ৰাজ্য, য’ত এটকাকৈ বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

 

  • Related Posts

    জাতিৰ আৱেগ ভাগ্যদেৱী থিয়েটাৰৰ বিদায় — এটা যুগৰ অন্ত

    অসমীয়াৰ হৃদয়ত ‘ভ্ৰাম্যমান থিয়েটাৰ’ শব্দটো উচ্চাৰণ হ’লেই যিটো নামটো মুকলি মনৰে ওলাই আহে, সেইটো হৈছে থিয়েটাৰ ভাগ্যদেৱী। ৰাস, পূজা, বিহু—সকলো উৎসৱ-অনুষ্ঠানত নাটক চাই উৎসৱ পুৰ্ণ কৰাৰ অভ্যাস আছিল অসমবাসীৰ। আৰু…

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ