বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ! তথ্যসহ উদঙালে স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ

গুৱাহাটীঃ স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে বিধানসভা চৌহদত প্ৰতিবাদ বিধায়ক অখিল গগৈৰ।

হাতত স্মাৰ্ট মিটাৰ লৈ প্ৰতিবাদ জনায় অখিল গগৈয়ে।

ইফালে সংবাদ মাধ্যমৰ সন্মুখতো স্মাৰ্ট মিটাৰৰ লুণ্ঠনক লৈ সৰৱ হৈ পৰে অখিল গগৈ।

উল্লেখ্য যে, বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিল বঢ়া নাই, বৰং কমিছেহে বুলি মন্তব্য কৰিছিল।

যোৱা বছৰৰৰ একে মাহৰ বিদ্যুৎ বিলৰ সৈতে এতিয়াৰ বিদ্যুৎ বিল তুলনা কৰিলেহে প্ৰকৃত সত্য জানিব পৰা যাব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই।

ইয়াৰ পিছতে আজি বিধানসভা চৌহত এই বছৰৰ মে, জুন মাহৰ বিদ্যুৎ বিল ২০২২, ২০২৩ বৰ্ষৰ একে মাহৰ বিদ্যুৎ বিলৰ সৈতে তুলনা কৰি দেখুৱায় বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে কয়, ”২০২৪ চনৰ মে’ মাহত আমাৰ স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিল আহিছে ৬০৭০ টকা। যোৱা বছৰ বা তাৰ আগৰ বছৰ ঘৰত যিকেইটা বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল, সেই কেইটা বৈদ্যুতিক সামগ্ৰীয়েই এতিয়াও ব্যৱহাৰ কৰা হৈছে। ২০২২ চনৰ মে’ মাহত বিদ্যুৎ বিল আহিছিল ৪০৪৪ টকা আৰু ২০২৩ চনৰ মে’ আহিছিল ৩০১২ টকা। তেতিয়ালৈকে স্মাৰ্ট লগোৱা হোৱা নাছিল। অৰ্থাৎ স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত দুগুন বিল আহিছে।’’

একেদৰে জুন মাহৰ তুলনা উল্লেখ কৰি অখিল গগৈয়ে কয় যে ২০২২ চনৰ জুন মাহত বিদ্যুৎ বিল আহিছিল ৪,৯৯৯ টকা। কিন্তু ২০২৪ চনৰ জুন মাহত আহিছে ৭,১০১ টকা।

উল্লেখ্য যে, স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ নাগৰিক। এনে সময়তে বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত সংবাদ মাধ্যমৰ সন্মুখত আভুৱা ভাৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। তেওঁ কয় যে মে’-জুন-জুলাই মাহত বিদ্যুৎ বিল বেছি আহেই, অক্টবোৰৰ পৰাহে বিদ্যুৎ বিল কমিব।

 

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ