
ডিজিটেল ডেস্কঃ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া চমুকৈ ছেবিৰ ওপৰত হ্ৰাস পাইছে জনসাধাৰণ আস্থা! – শেহতীয়াকৈ হিণ্ডেনবাৰ্গৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত দেশৰ অন্যতম ধনাঢ্য গৌতম আদানী আৰু ছেবিৰ অধ্যক্ষৰ মাজৰ সম্পৰ্ক পোহৰলৈ অহাৰ পিছতে দেশজোৰা প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী কংগ্ৰেছে। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ছেবিৰ নিৰ্ভৰযোগ্যতাক লৈ উদ্বেগ ব্যক্ত কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত পৰিস্থিতিৰ ওপৰত আলোকপাত কৰি গৌৰৱ গগৈয়ে আদানী গ্ৰুপৰ তদন্তত ছেবিয়ে গ্ৰহণ কৰা নৰম স্থিতিকো সমালোচনা কৰে।
গগৈয়ে কয়, ‘ছেবিত মানুহৰ যি আস্থা আছিল সেয়া হেৰাই গৈছে।’ তেওঁ বাৰে বাৰে এনে উদাহৰণ আঙুলিয়াই দিয়ে য’ত নিয়ন্ত্ৰণকাৰী সংস্থাটোৱে আদানী গোচৰৰ তদন্তৰ প্ৰতি কম দায়বদ্ধ যেন দেখা গৈছিল। তেওঁ আৰু কয় যে হিণ্ডেনবাৰ্গ প্ৰতিবেদনে ছেবিৰ নিষ্ক্ৰিয়তাৰ অন্তৰ্নিহিত কাৰণসমূহ উদঙাই দিছে।
কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ছেবিৰ অধ্যক্ষৰ পৰা স্পষ্টীকৰণ নিবিচৰাত গগৈয়ে হতাশা প্ৰকাশ কৰে আৰু ছেবিৰ জৰিয়তে আদানীক বচাবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে।
এই উদ্বেগসমূহৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছ দলৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰি ছেবিৰ অধ্যক্ষৰ পদত্যাগ, বিত্তমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ আৰু বিষয়টোৰ পুংখানুপুংখ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতি গঠনৰ দাবী জনায়।