
ডিজিটেল ডেস্কঃ অৱশেষক সকাহ পালে আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে। ২৩ বছৰ পুৰণি এটা গোচৰত নিন্ন আদালতে দিয়া কাৰাবাসৰ শাস্তিত আজি সঞ্জয় সিঙক জামিন প্ৰদান কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে। ইয়াৰ পিছতে ন্যায়ালয়ৰ এই ৰায়ক সত্যৰ জয় বুলি অভিহিত কৰে আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।
উল্লেখ্য যে, ২৩ বছৰ পূৰ্বে বিদ্যুৎ আৰু পানী সম্পৰ্কীয় এক গোচৰত শেহতীয়াকৈ সঞ্জয় সিঙক ৩ মাহৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছিল চুলতানপুৰ আদালতে। ইয়াৰ পিছতে এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয় সাংসদগৰাকী। আজি এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে সিঙক নিয়মীয়াকৈ জামিন প্ৰদান কৰে। আজি সঞ্জয় সিঙৰ হৈ আদালতত হাজিৰ হয় জ্যেষ্ঠ অধিবক্তা সতীশ চন্দ্ৰ মিশ্ৰ।
জামিনৰ পিছতে সঞ্জয় সিঙে ছ’চিয়েল মিডিয়া চাইট এক্সত পোষ্ট কৰে। তেওঁ লিখিছে- ‘এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ২৩ বছৰীয়া এটা গোচৰত তিনি মাহৰ কাৰাদণ্ডৰ জামিন মঞ্জুৰ কৰিছে। মাননীয় উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত সত্যই জয়লাভ কৰিছে। জ্যেষ্ঠ অধিবক্তা সতীশ মিশ্ৰলৈ বিপুল কৃতজ্ঞতা। সত্যমেৱ জয়তে।’