
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে দীৰ্ঘদিনীয়া প্ৰতিবাদ এৰি পুনৰ কৰ্তব্যলৈ উভতিছে দিল্লীৰ এইমছৰ চিকিৎসকল। বৃহস্পতিবাৰে কলকাতাৰ আৰ জি কৰ কাণ্ডৰ শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কনিষ্ঠ চিকিৎসকৰ ৩৬ ঘণ্টীয়া অবিৰত কৰ্তব্যক লৈও উদ্বেগ প্ৰকাশ কৰে।
ৰেচিডেণ্ট ডাক্তৰ এছ’চিয়েশ্যনে এক বিবৃতিত কয়, ”উচ্চতম ন্যায়ালয়ে চিকিৎসকৰ সুৰক্ষাৰ আশ্বাস দিছে। আৰ জি কৰ বিষয়ত হস্তক্ষেপ কৰিছে। এই পৰিস্থিতিত আমি কামলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লৈছো।’ দেশৰ স্বাস্থ্য সেৱাৰ সৈতে জড়িতসকলৰ সুৰক্ষাৰ বিষয়টো উত্থাপন কৰা বাবেও সংস্থাটোৱে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰে।
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে আৰ জি কৰ গোচৰৰ শুনানি গ্ৰহণ কৰি চিকিৎসকসকলক কামলৈ ঘূৰি আহিবলৈ কয়। ইয়াৰ উপৰিও প্ৰতিবাদকাৰী চিকিৎসকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব বুলি আশ্বাস দিয়ে উচ্চতম ন্যায়ালয়ে। আদালতে কয়, ‘প্ৰথমে ধৰ্মঘটকাৰী চিকিৎসকসকলে কামত যোগদান কৰাটো নিশ্চিত কৰিব লাগিব। তেতিয়া আমি নিশ্চিত কৰিম যে আপোনাৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়।’
মন কৰিবলগীয়া যে আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ সমগ্ৰ দেশত ক্ষোভৰ উদগীৰণ ঘটিছে। চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ দাবীত সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত হৈছে। বহু চিকিৎসকে ধৰ্মঘট কৰিছে। ফলত চিকিৎসা সেৱাৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে। আৰ জি কৰ গোচৰত নিজা উদ্যোগত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰে। সেই সময়তো দিল্লীৰ এইমছকে ধৰি বিভিন্ন চিকিৎসালয়ত ধৰ্মঘট আছিল। লগতে উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানিৰ প্ৰথম দিনাই চিকিৎসকসকলক কামলৈ ঘূৰি আহিবলৈ অনুৰোধ জনায়। সেই অনুৰোধ মানি এইমছৰ চিকিৎসকসকলে কামলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়।