এজন মুছলমানৰ পৰা সনাতনী উপহাৰ, মুখ্যমন্ত্ৰীয়ে ক’লে…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিলচৰ ভ্ৰমণৰ সময়তে শনিবাৰে তেওঁক এক বিশেষ উপহাৰ প্ৰদান কৰিলে এজন যুৱকে।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব অহা যুৱকজনে উপহাৰ হিচাপে প্ৰদান কৰিলে কাঠৰ ওপৰত নিখুঁতভাৱে চিত্ৰিত কৰা ৰাধা-কৃষ্ণৰ এখন ছবি।

মুছলমান সম্প্ৰদায়ৰ এই যুৱকজনৰ পৰা এনে সনাতনী উপহাৰ লাভ কৰি আহ্লাদিত হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

যুৱ চিত্ৰশিল্পীজনৰ শিল্পকৰ্মৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ”এটা অতুলনীয় উপহাৰ। শিলচৰৰ চৈয়দ আহমেদ লস্কৰ (বাবু)ৰ পৰা আজি এক বিশেষ উপহাৰ লাভ কৰি আহ্লাদিত হৈছোঁ৷’’

মুখ্যমন্ত্ৰীয়ে আগলৈ লিখিছে, ”এয়া আমাৰ বাবে সঁচাকৈয়ে আনন্দৰ বিষয় যে তেওঁৰ দক্ষতাৰে কাঠৰ টুকুৰা এটাত আমাৰ সনাতনী সভ্যতা-সংস্কৃতিৰ অতি পূজ্য ৰাধা-কৃষ্ণৰ ছবি খোদিত কৰিছে। সনাতনী সংস্কৃতিৰ প্ৰসাৰ আৰু দৰ্শনৰ প্ৰতি থকা তেওঁৰ অনুৰাগ আৰু শ্ৰদ্ধাৰ বাবে মই হৃদয়ৰ পৰা তেওঁক আৰু তেওঁৰ শিল্পকৰ্মক প্ৰশংসা কৰিছোঁ৷’’

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে