
ৰাজ্যত অব্যাহত আছে পিশাচৰ উপদ্ৰৱ।
ধিঙৰ জঘন্য কাণ্ডক লৈ মানুহৰ মনত জ্বলা ক্ষোভৰ জুইকুৰাত পুনৰ ঘি ঢালিছে আন এক পৈষাচিক কাণ্ডই।
এইবাৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰত এজন পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী।
গোৰেশ্বৰৰ ভোগপুৰত সংঘটিত হৈছে এই ঘটনা।
মোস্তাক হুছেইন (৩৫) নামৰ এজন বিবাহিত লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে কিশোৰী ধৰ্ষণৰ অভিযোগ।
অভিযোগ অনুসৰি, ঘৰত কোনো নথকাৰ সুযোগ লৈ ১৪ বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণ কৰে মোস্তাক হুছেইনে।
ইতিমধ্যে মোস্তাকৰ বিৰুদ্ধে গোৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে।
কিন্তু বৰ্তমান পলাতক হৈ আছে অভিযুক্তজন।