
গুৱাহাটীঃ উজনি অসমত মিঞাৰ বিৰুদ্ধে খিলঞ্জীয়া দল-সংগঠনৰ অভিযানে উত্তজনাপূৰ্ণ কৰি তুলিছে ৰাজ্যৰ পৰিস্থিতি। কেইবাটাও দল-সংগঠনে মিঞাক উজনি অসম এৰিবলৈ ৭ দিনৰ আল্টিমেটম দিয়াৰ পিছতে কালি ৰাজ্যপালক সাক্ষাৎ কৰি মিঞাৰ সুৰক্ষাৰ দাবী জনায় এ আই ইউ ডি এফৰ বিধায়কৰ এটা দলে।
ইফালে আজি বিধানসভাৰ শৰৎকালীন অধিৱেশৰ দ্বিতীয় দিনাখনো ধিং কাণ্ড, মিঞাৰ অসম দখলক লৈ হুলস্থূলৰ সৃষ্টি হয় সদনত। ইয়াৰ মাজতে মিঞা মুছলমানক কোনোপধ্যেই অসম দখল কৰিবলৈ দিয়া নহয় বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। মিঞা মুছলমানে অসম দখল কৰিব বুলি বিৰোধীয়ে উল্লেখ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিলে, মই নিদিওঁ, মিঞা মুছলমানক মই অসম দখল কৰিব নিদিওঁ।
আজি বিধানসভাৰ অধিৱেশনত ধিং কাণ্ড আৰু শিৱসাগৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক উভতি ধৰাৰ চেষ্টা চলায় অখিল গগৈকে ধৰি বিৰোধী বিধায়কসকলে। মুখ্যমন্ত্ৰীয়ে ভাষণ দিবলৈ আৰম্ভ কৰাৰ লগে লগেই বিৰোধী বিধায়কসকলে ইটোৰ পিছত সিটো প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক ব্যতিব্যস্ত কৰি তোলাৰ চেষ্টা চলায়। যাক লৈ সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।
ধিং কাণ্ড, ৰাজ্যৰ আইন-শৃংখলা, উজনি অসমৰ ঘটনাক লৈ সদনত সভা স্থগিতৰ প্ৰস্তাৱ আনে বিৰোধীয়ে। তাৰ পিছতে সভা স্থগিতৰ প্ৰস্তাৱক লৈ সদনত মুখ্যমন্ত্ৰীয়ে ভাষণ দিবলৈ থিয় হয়। কিন্তু মুখ্যমন্ত্ৰীয়ে ভাষণ দিবলৈ আৰম্ভ কৰাৰ লগে লগে একপ্ৰকাৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে একাংশ বিৰোধী বিধায়কে।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অপকৰ্মৰ এটা ঘটনাও আমাৰ বাবে স্বীকাৰ্য নহয়। NCRBৰ তথ্যৰ ওপৰত সদনত আলোচনা হ’ব লাগে। ২০১৪ত ৰাজ্যত ঘটনা হৈছিল ১৯৮০টা। ২০১৯ চনত এই ঘটনা সংঘটিত হৈছিল ৯৮৯টা। এই ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।’’
নামনিৰ পৰা উজনি অসমলৈ মানুহ যাবই বুলি বিৰোধীয়ে সমৰ্থন কৰা মন্তব্যৰ বিৰোধিতা কৰে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই কয়, দেবব্ৰত শইকীয়া আৰু ৰফিকুল ইছলামে নামনিৰ মানুহ উজনিলৈ যাব বুলি কৈছে? মই কৈছো – কিয় যাব? নোৱাৰিব৷ মিঞা মুছলমানক উজনি দখল কৰিব নিদিওঁ।
উজনি অসমলৈ জেদ কৰি নাযাবলৈও অনুৰোধ জনায় মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘উজনিলৈ নাযাব, একদম নাযাব। জেদ কৰি নাযাব, অনুৰোধ কৰিছো। য’ত অসমীয়া মানুহে নিবিচাৰে তাত নাযাব। উজনি অসমৰ ইচ্ছা বিৰুদ্ধে গ’লে নিৰাপত্তা নাপাব।’’
ৰাজ্যত সংঘটিত জঘন্য কাণ্ডক লৈ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মুছলমান অপৰাধীক মুছলমান উকিলে সহায় নকৰিব। একেদৰে হিন্দুৰ ক্ষেত্ৰতো অনুৰূপ। ধিং ঘটনাৰ ক্ষেত্ৰত যাতে কেতিয়াও মুছলমান উকিলে সহায় নকৰে। অপৰাধীয়ে সুৰক্ষা নাপালে নিশ্চয় অপৰাধ কমিব। আগ্ৰাসী নহ’ব।’’