নৃশংস! প্ৰেমিকৰ সৈতে সংসাৰ কৰাৰ মানসেৰে ‘ক্ৰাইম পেট্ৰ’ল’ চাই নিজৰ ৩ বছৰীয়া সন্তানক হত্যা পাষাণ মাতৃৰ

ডিজিটেল ডেস্কঃ স্বামী আৰু পৰিয়াল ত্যাগ কৰি প্ৰেমিকৰ সৈতে নতুন এখন সংসাৰ গঢ়াৰ দীৰ্ঘদিনৰ পৰাই সপোন দেখি আহিছিল মহিলাগৰাকীয়ে। স্বামীৰ চকুত ধূলি দি প্ৰেমিকৰ সৈতে সংসাৰ কৰাৰ বাট প্ৰশস্ত হ’লেও তেওঁৰ বাটত হেঙাৰ হৈ থিয় দিছিল তিনি বছৰীয়া কন্যা সন্তানটো।

মহিলাগৰাকীয়ে প্ৰথমে সন্তানটোক নিজৰ লগত লৈ যাব বিচাৰিছিল যদিও প্ৰেমিক সৈমান নোহোৱাত অৱশেষত বাটৰ কাঁইট হৈ পৰা সন্তানটোক আঁতৰাবলৈ পৰিকল্পনা আৰম্ভ কৰে মহিলাগৰাকীয়ে। তেনেতে টিভিত ‘ক্ৰাইম পেট্ৰ’ল’ চাই নিজৰ তিনি বছৰীয়া কন্যাক হত্যাৰ ব্লু প্ৰিণ্ট ৰচনা কৰে মাতৃয়ে। ইয়াৰ পিছতে অতি নৃশংসভাৱে মাতৃয়ে ডিঙি ৰেপি হত্যা কৰিলে শিশুটিক। তাৰ পিছত মৃতদেহটো এটা ছুটকেচত ভৰাই পেলাই থৈ আহিল জংঘলৰ মাজত। এতিয়া আৰক্ষীৰ আগত এই হত্যাকাণ্ডৰ প্ৰতিটো কথা স্বীকাৰ কৰিছে হত্যাকাৰী মাতৃয়ে।

উল্লেখ্য যে, যোৱা শনিবাৰে বিহাৰৰ মুজাফ্ফৰপুৰৰ মিনাপুৰাত জংঘলৰ মাজত এটা ছুটকেচৰ ভিতৰত উদ্ধাৰ হৈছিল এটি কণমানিৰ মৃতদেহ। ইয়াৰ পিছতে আৰক্ষীয়ে শিশু হত্যাকাৰীৰ সন্ধান বিচাৰি অভিযান তীব্ৰতৰ কৰি তোলে। কণমানিটিৰ হত্যাৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দলো গঠন কৰা হয়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে শিশুটিৰ পৰিচয় চিনাক্ত কৰি বাসগৃহত উপস্থিত হোৱাত ফৰেনচিকৰ দলে ঘৰৰ মজিয়া, চিলিং, ৱাচ বেচিনকে ধৰি বিভিন্ন ঠাইৰ পৰা তেজৰ দাগ উদ্ধাৰ কৰে। কিন্তু আৰক্ষীৰ অভিযানৰ সময়ত ঘৰত নাছিল শিশুটিৰ মাতৃ কাজল।

ইফালে কন্যা সন্তানটিৰ হত্যাৰ বিষয়ে জানিব পৰাৰ পিছতে পত্নী কাজলৰ ওপৰত সন্দেহ ঘনীভূত হয় শিশুটিৰ পিতৃ মনোজৰ। পত্নীৰ বিৰুদ্ধে তেওঁ দাখিল কৰা এজাহাৰত প্ৰকাশ কৰা মতে, শনিবাৰৰ দিনটোত তেওঁ কামৰ খাতিৰত বাহিৰলৈ গৈছিল। আনহাতে সেইদিনাই পত্নী কাজলে তেওঁলৈ ফোন কৰি আলহী ঘৰলৈ ফুৰিবলৈ যাম বুলি কৈছিল।

মাকৰ লগতে শিশুটিকো লৈ যোৱা বুলি ভাৱিয়েই শিশুটিক লৈ কোনো দুশ্চিন্তা কৰা নাছিল মনোজে। কিন্তু যেতিয়া শিশুটিৰ হত্যাৰ বিষয়ে তেওঁ জানিব পাৰিলে, তাৰ পিছতে এই হত্যাকাণ্ডৰ আঁৰত পত্নীৰ হাত থকাৰ সন্দেহ ব্যক্ত কৰে।

আনহাতে মনোজৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে কাজলৰ মোবাইল নম্বৰ ট্ৰেচ কৰি অৱশেষত প্ৰেমিকৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে আৰক্ষীৰ সন্মুখত নিজৰ সন্তানটোক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে মহিলাগৰাকীয়ে। প্ৰেমিকৰ সৈতে সংসাৰ কৰাৰ স্বাৰ্থতে স্বামী তথা সন্তানৰ পৰা পৰিত্ৰাণ বিচাৰি এই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে হত্যাকাৰী মাতৃয়ে।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…