

ডিজিটেল ডেস্কঃ প্ৰচণ্ড বৰষুণৰ পিছতে গুজৰাটত সংহাৰী ৰূপ ধাৰণ কৰা বানত যোৱা তিনিটা দিনত মৃত্যু ঘটিছে ১৫ জন লোকৰ। এই তথ্য সদৰী কৰিছে ৰাজ্য চৰকাৰখনে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ ২৩ হাজাৰৰো অধিক লোকক ইতিমধ্যে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু ৩০০ ৰো অধিক লোক বৰ্তমান আশ্ৰয় শিৱিৰত আছে বুলিও গুজৰাট চৰকাৰে সদৰী কৰিছে।
সৌৰাষ্ট্ৰ-কাছ্চ আৰু উত্তৰ গুজৰাট অঞ্চলত বৰ্তমানো অব্যাহত আছে বানৰ তাণ্ডৱ। অৱশ্যে অনাগত দিনত এই অঞ্চলসমূহত বৰষুণৰ মাত্ৰা হ্ৰাস পাব বুলি প্ৰকাশ কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে।
ইফালে উদ্ধাৰ আৰু সাহায্য অভিযানৰ গতি বৃদ্ধিৰ বাবে গুজৰাট চৰকাৰে ভাৰতীয় সেনাৰ ছটা পেৰা বিচাৰিছে- দ্বাৰকা, আনন্দ, বদোদৰা, খেদা, মৰ্বি, আৰু ৰাজকোট জিলাত এটাকৈ।
ইয়াৰ উপৰিও দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ ইতিমধ্যে ১৪টা এনডিআৰএফ (ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী) প্লাটুন আৰু এছডিআৰএফৰ ২২টা প্লাটুন নিয়োগ কৰা হৈছে।
ইয়াৰ পূৰ্বে মঙলবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনাৰ বাবে উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰে। এই বৈঠকৰ পিছতে কেইবাখনো জিলাৰ বান পৰিস্থিতিৰ বাবে নিৱাসীকলক সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। সমান্তৰালভাৱে এই সময়ছোৱাত মাছমৰীয়াসকলক সাগৰত নমাৰ পৰাও বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইফালে গুজৰাট চৰকাৰে প্ৰকাশ কৰা সবিশেষ অনুসৰি মৰবি, বদোদৰা, খেদা, ভাৰুচ, আহমেদাবাদ, গান্ধীনগৰ আৰু আনন্দ জিলাত যোৱা সোমবাৰৰ পৰা আজি পৰ্যন্ত ১৫ জন লোকৰ মৃত্যু ঘটিছে। মঙলবাৰে বানৰ ফলত সৰ্বাধিক প্ৰভাৱিত বদোদৰা আৰু পঞ্চমহলৰ ১২ হাজাৰৰো অধিক লোকক স্থানান্তৰ কৰা হয়।