

ডিজিটেল ডেস্কঃ সাত দিনৰ ভিতৰত ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ শাস্তি বিহা আইন প্ৰণয়ন কৰিব পশ্চিম বংগ চৰকাৰে। এই দাবী কৰিছে বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে।
কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসকৰ সৈতে সংঘটিত ধৰ্ষণ আৰু হত্যাৰ ঘটনাই আজিও উত্তপ্ত কৰি ৰাখিছে পশ্চিম বংগ। এই জঘন্য ঘটনাৰ প্ৰতিবাদত বিজেপিও আজি ১২ ঘণ্টীয়া পশ্চিম বংগ বন্ধৰ আহ্বান কৰিছিল। বন্ধৰ প্ৰভাৱ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে পৰা দেখা যায়।
ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তৃণমূল ছাত্ৰ পৰিষদৰ এক অনুষ্ঠানত ভাষণ দি ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ শাস্তি বিহিব পৰা এখন আইন শীঘ্ৰে ৰাজ্যখনত প্ৰণয়ন কৰা হ’ব বুলি ঘোষণা কৰে।
বিজেপিৰ বংগ বন্ধৰ আহ্বান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বেনাৰ্জীয়ে কয় যে বিজেপিৰ উদ্দেশ্য ন্যায় লাভ কৰা নহয়, গেৰুৱা দলটোৰ উদ্দেশ্য হৈছে যিকোনো প্ৰকাৰে বংগক বদনামী কৰি তোলা।
ইফালে কলকাতা ধৰ্ষণ আৰু হত্যা কাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবীত শনিবাৰে ধৰ্ণাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, “৩১ আগষ্টত মই সকলো ব্লকক ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছো। আৰু ১ ছেপ্টেম্বৰত মই মহিলাসকলক প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছো।”
মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে বিধানসভাৰ অধিৱেশনৰ আহ্বান জনাই ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ দাবীত বিধেয়ক উত্থাপন কৰিব। তৃণমূলৰ মুৰব্বীগৰাকীয়ে কয় যে আমি ধৰ্ষণ বিৰোধী আইন সম্পৰ্কে এখন বিধেয়ক গৃহীত কৰিম, যিয়ে অপৰাধৰ সাত দিনৰ ভিতৰত ধৰ্ষণকাৰীৰ মৃত্যুদণ্ড নিশ্চিত কৰিব।
আনহাতে বিজেপিয়ে উত্থাপন কৰা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মমতা বেনাৰ্জীয়ে বিজেপিক ওভতি ধৰে। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মণিপুৰত মহিলা আৰু যুৱতীৰ বিৰুদ্ধে সংঘটিত নিৰ্যাতনৰ ঘটনাৰ পিছত বিজেপি শাসিত সেই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছেনে বুলি প্ৰশ্ন কৰে তেওঁ।
তদুপৰি আৰ জি কৰ মেডিকেলৰ কলেজৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চিবিআই তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰি মমতা বেনাৰ্জীয়ে কয়, ”আমি পাঁচ দিনৰ সময় বিচাৰিছিলো, কিন্তু গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰা হ’ল। তেওঁলোকে ন্যায় নিবিচাৰে। তেওঁলোকে কেৱল বিলম্ব কৰিব বিচাৰে। ঘটনাৰ ১৬ দিন পাৰ হৈ গ’ল। কিন্তু ন্যায় ক’ত?”