২০২৬ৰ নিৰ্বাচনত অসমত এখন অহংকাৰমুক্ত চৰকাৰ গঠন কৰিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ

গুৱাহাটীঃ ‘২০২৬ৰ বিধানসভা নিৰ্বাচনত অসমত আমি এখন অহংকাৰমুক্ত চৰকাৰ গঢ়িম।’ – এই দাবী কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাদী হেৰুওৱাৰ ভয়ত শংকিত হৈ পৰিছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে, ইয়াৰ বাবেই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ মাজত বিভাজন আনিব চেষ্টা কৰিছে।

উল্লেখ্য যে, শেহতীয়াকৈ কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ পদৰ পৰা ভূপেন বৰাক অপসাৰণৰ বাবে স্বাক্ষৰ অভিযান চলোৱাৰ চৰ্চা চলিছে। একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কংগ্ৰেছৰ ২০ জনতকৈও অধিক বিধায়কে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণৰ হকে ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছে।

এই প্ৰংসগতে আজি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছক বিভাজিত কৰিবলৈ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে।

গৌৰৱ গগৈয়ে কয়, ”ভূপেন বৰা ডাঙৰীয়াই কৈছে যে অসমত কংগ্ৰেছ চৰকাৰ আহিলেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এছ আই টি গঠন কৰা হ’ব। এছ আই টি গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰো তদন্ত হ’ব। গাদী হেৰুওৱাৰ লগতে সম্পত্তিৰ তদন্ত হোৱাৰ আশংকাতে এতিয়া তেওঁ আমাৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে।’’

আজি অসমৰ ৰাইজৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি বুজি উঠিছে বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে যোৱা লোকসভা নিৰ্বাচনত যিদৰে দেশৰ জনতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মগংলসূত্ৰ আৰু কংগ্ৰেছৰ মেনিফেষ্ট’ৰ ৰাজনীতি নসাৎ কৰিছিল, সেইদৰে অহা বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু-মুছলমানৰ ৰাজনীতিও নসাৎ কৰিব।

বিজেপিৰ হিন্দু-মুছলমানৰ ৰাজনীতি বিফল কৰি অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এখন অহংকাৰমুক্ত চৰকাৰ গঠন কৰিব বুলিও দৃঢ়তাৰে মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে