
এইবাৰ কিশোৰী নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন কেন্দ্ৰীয় নেতাৰ বিৰুদ্ধে।
প্ৰেমৰ ছলনাৰে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক ৱাছিম আক্ৰামৰ বিৰুদ্ধে।
কিশোৰীগৰাকৰীৰ পৰিয়ালে ৱাছিম আক্ৰামৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলি দাখিল কৰিছে এজাহাৰ।
আনহাতে এই অভিযোগৰ পিছতে পলাতক হৈ আছে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় নেতাজন।
ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি ৱাছিম আক্ৰামৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।