অসম কাৰো বাপেকৰ সম্পত্তি নহয় বুলি অসমীয়া জাতিক অপমান কৰা মিঞা গীত গাই ভাইৰেল হৈ পৰা বিতৰ্কিত গায়ক তথা ইউটিউবাৰ আলতাফ হুছেইনক গ্ৰেপ্তাৰ।
শনিবাৰে গৌৰীপুৰ আৰক্ষীয়ে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰাৰ অভিযোগত আটক কৰে আলতাফক।
উল্লেখ্য যে, অসমত অব্যাহত থকা মিঞা বিতৰ্কৰ মাজতে অসম কাৰো বাপেকৰ সম্পত্তি নহয় বুলি মিঞা ভাষাৰ এটা গীত গাইছিল আলতাফ হুছেইনে।
সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ এই গীতটো ভাইৰেল হৈ পৰাৰ পিছতে সূত্ৰপাত ঘটিছিল আন এটা বিতৰ্কৰ।
এনে ধৰণৰ গীতে অসমৰ সাম্প্ৰদায়িক পৰিস্থিতি অধিক জটিল কৰি তুলিব বুলি আশংকা ব্যক্ত কৰিছিল বহুতে।
তাৰ পিছতে আজি গৌৰীপুৰ আৰক্ষীয়ে আটক কৰিছে আলতাফ হুছেইন নামৰ এই বিতৰ্কিত গায়কজনক।
বৰ্তমান আৰক্ষীয়ে আলতাফক জেৰা চলাই এই গীত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ বাবে উদ্দেশ্যপ্ৰণোদিত আছিল নেকি সেয়া জানিবলৈ চেষ্টা চলাই আছে।