গুৱাহাটীঃ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী বোলছবিসমূহ নিৰ্মাণৰ সময়ত ‘অভিগম্যতা মানক’ অৰ্থাৎ শ্ৰৱণ শক্তিহীন আৰু দৃষ্টিহীনসকলে উপভোগ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। এই অনুযায়ী এতিয়াৰে পৰা চলচিত্ৰ নিৰ্মাতাসকলে চলচিত্ৰ যাতে শ্ৰৱণ শক্তিহীন আৰু দৃষ্টিশক্তিহীনসকলেও উপভোগ কৰিব পাৰে তাৰ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগিব। নতুন নিৰ্দেশনা অনুযায়ী চলচিত্ৰসমূহত শ্ৰৱণ শক্তিহীনসকলৰ বাবে সাংকেতিক ভাষা আৰু দৃষ্টিহীনসকলৰ বাবে অডিঅ’ বৰ্ণনা থাকিব লাগিব। অসম তথা উত্তৰ-পূবৰ চিনেমা নিৰ্মাতাসকলে যাতে এই নিৰ্দেশ কাৰ্যকৰী কৰাত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে শুকুৰবাৰে মহানগৰীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত এক কৰ্মশালা অনুষ্ঠিত হয়।
এই কৰ্মশালাত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদ চমুকৈ চিবিএফচিৰ আঞ্চলিক বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে এই নিৰ্দেশনাসমূহ বৰ্ণনা কৰে। ৰাজীৱ লোচন বৰঠাকুৰে চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত সকলোকে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰাত সহযোগ কৰিবলৈ অনুৰোধ জনাই কয় যে, বোলছবিসমূহ ছবিঘৰত যাতে সাৰ্বজনীনভাৱে প্ৰতিগৰাকী লোকে উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিহে ছবি এখন মুক্তি দিব লাগে৷ তেওঁ কয় যে, চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰৰ পৰা একাধিক ভাষাৰ চলচ্চিত্ৰই এই সুবিধা প্ৰদান কৰিব লাগিব। বিভিন্ন ফিল্ম ফেষ্টিভেলত অংশগ্ৰহণ কৰা ফিচাৰ ফিল্মবোৰত ১ জানুৱাৰী ২০২৫ৰ পৰা এই ব্যৱস্থা থাকিব লাগিব। ২০২৬ চনৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত সকলো ফিচাৰফিল্মত অভিগম্যতাৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক হ’ব বুলিও তেওঁ সদৰী কৰে। কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ দ্বাৰা প্ৰমাণিত তথা চিনেমা হলত প্ৰদৰ্শিত চলচ্চিত্ৰৰ বাবে এই নিৰ্দেশনা প্ৰযোজ্য হ’ব। প্ৰযোজকসকলে অভিগম্যতাৰ সুবিধাৰ সৈতেহে প্ৰমাণপত্ৰৰ বাবে চলচিত্ৰখনৰ মুকলিৰ বাবে আবেদন কৰিব পাৰিব বুলিও বিষয়াগৰাকীয়ে সদৰী কৰে। এ
ই বিশেষ অডিঅ’-ভিজুৱেল কৰ্মশালাত অসমৰ কেইবাগৰাকী বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, চিবিএফচিৰ পৰামৰ্শদাতাৰ লগতে চিনেমাৰ সৈতে জড়িত কেইবাজনো বিশিষ্ট সদস্য উপস্থিত থাকে। চলচ্চিত্ৰৰ ভিডিঅ’ এডিটৰ, ডিআই কালাৰিষ্ট, ছাউণ্ড ইঞ্জিনিয়াৰ, চলচ্চিত্ৰ প্ৰদৰ্শক আৰু চলচ্চিত্ৰ জগতৰ সৈতে জড়িত বহু লোকে উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰে। চলচ্চিত্ৰ নিৰ্মাতা আৰু টেকনোক্ৰেটসকলে নতুন নিৰ্দেশনা কাৰ্যকৰীকৰণ আৰু ৰূপায়ণৰ সৈতে জড়িত কেইবাটাও প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰে। চিনেমা নিৰ্মাণত ‘অভিগম্যতাৰ মানক’ ব্যৱহাৰৰ সৈতে জড়িত দেশৰ আগশাৰীৰ সংস্থা ‘এক্সএল চিনেমা’ৰ মুখ্য কাৰ্যবাহী বিষয়া দীপ্তি প্ৰসাদেও মুম্বাইৰ পৰা অনলাইনযোগে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে বুলি ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ৰ উত্তৰ-পূব আঞ্চলিক চেঞ্চৰ বোৰ্ডৰ উপদেষ্টা পৰিষদৰ সদস্য শৈলেন্দ্ৰ পাণ্ডেই আজি গুৱাহাটীত এই কথা জানিবলৈ দিছে।