

গুৱাহাটীঃ আজি গুৱাহাটীৰ খানাপাৰাত ৰাজ্য চৰকাৰে সমগ্র শিক্ষা অভিযানৰ ঠিকাভিত্তিক আৰু ষ্টেটপুলৰ ২৩,৯৫৬গৰাকী শিক্ষকক স্থায়ী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰে৷ কেইবা হাজাৰ লোকৰ উপস্থিতিত চাকৰি নিয়মীয়া কৰা শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ড০ শৰ্মাই নিযুক্তি পত্ৰ বিতৰণ কৰি অসমৰ ইতিহাসত নতুন সফল অধ্যায়ৰ সূচনা বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় ‘‘২০২১ চনত ৰাইজৰ সেৱাৰ ভাৰ আমাৰ ওপৰত ন্যস্ত হোৱাৰ পাছতে আমি এক লাখ নিযুক্তিৰ প্রতিশ্রুতি প্রদান কৰিছিলো। সমগ্র শিক্ষা অভিযানৰ ঠিকাভিত্তিক আৰু ষ্টেটপুলৰ শিক্ষকসকলৰ দীর্ঘদিনীয়া দাবী পূৰণ কৰি আজি ২৩,৯৫৬গৰাকীক স্থায়ী নিযুক্তি পত্র প্রদান কৰা হ’ল। ইয়াৰ জৰিয়তে আজিকোপতি নিযুক্তিৰ সংখ্যাই ১,২৪,৩৪৫ স্পর্শ কৰিলে। যুৱ সমাজক উৎসাহ যোগোৱাৰ অর্থে ২০২৫ চনত আমি আৰু ৫০ হাজাৰ নিযুক্তি সংযোজন কৰিবলৈ আগবাঢ়িছো। দুর্নীতিমুক্ত স্বচ্ছ আৰু নিকা পদ্ধতিৰে সম্পন্ন হোৱাৰ ক্ষেত্রত প্রতিটো নিযুক্তি উল্লেখনীয়।’’ উল্লেখ্য যে, ২০১২ চনৰ পৰা তৰুণ গগৈ চৰকাৰৰ দিনত ঠিকাভিত্তিক আৰু ষ্টেটপুলৰ শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল৷ পূৰ্বেও নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল৷
আনহাতে, এই নিযুক্তি পত্ৰ বিতৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ১২ৰ পৰা ১৪ বছৰ পৰ্যন্ত চাকৰি কৰি থকা শিক্ষকসকলক দৰমহা কমাই চাকৰি স্থায়ী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইমান বছৰ চাকৰি কৰাৰ পাছতে আজি প্ৰায় ২৪ হাজাৰ ঠিকাভিত্তিক শিক্ষকক নতুনকৈ নিযুক্তি দিলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে Special Requirement Driveৰ অধীনত নিযুক্তি দিয়ে৷ কিন্তু এইসকল শিক্ষকে পূৰ্বৰে পৰা কাম কৰি আছে৷ চাকৰি যোগদানৰ দিনৰ পৰা নিময়ীয়া কৰিব লাগিছিল যদিও ১৪ বছৰ পৰ্যন্ত চাকৰি কৰা শিক্ষকসকলৰ চাকৰি আজিৰ পৰাহে স্থায়ী কৰা হৈছে৷ ১২ বছৰতকৈ অধিক কাল শিক্ষকতা কৰা শিক্ষকক চৰকাৰে পুনৰ নিযুক্তি দিয়াৰ লগতে দৰমহা নিৰিখ হ্ৰাস কৰিছে৷ দৰমহাৰ সুৰক্ষা আৰু জ্যেষ্ঠতাৰ ভিত্তি হেৰুৱাইছে৷ যোৱা মাহলৈকে যিমান দৰমহা পাইছিল তাৰ প্ৰায় ১৭ হাজাৰ টকা কমকৈ পাব।
এয়া শিক্ষকসকলৰ প্ৰতি চৰম অন্যায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে৷
আনহাতে, অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এটা ফেচবুক পোষ্টত কয় যে ৰাজ্য চৰকাৰে শিক্ষকৰ দৰমহা কৰ্তন কৰি নতুন নিযুক্তি দি প্ৰতিমাহে ৪২ কোটি টকা ৰাজহ ৰাহি কৰিলে। অৰ্থাৎ বছৰি ৫৪০ কোটি শিক্ষকসকলৰ দৰমহা কৰ্তন কৰি আহৰণ কৰিব। এয়া কিন্তু ৰাজহ সংগ্ৰহৰ কম উদ্ভাৱনী চিন্তা নহয়দেই? নে কি কয়? নতুন নিযুক্তিৰ নামত ১১-১২ বছৰে চাকৰি কৰা শিক্ষকৰ দৰমহা ৪১ হাজাৰৰ পৰা ২৯ হাজাৰ টকা হৈছেগৈ। ধন্য ধন্য কলি কাল, ধন্য নৰতনু ভাল। “আমি অচেতন নিয়োক নাথ জগাই।। ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি কাল-সৰ্পে দংশি হৰিল চেতন তাৰ।।”কৃষ্ণ।