কংগ্ৰেছ মোৰ পুৰণি ঘৰ, পুৰণি ঘৰলৈ ঘূৰি যাবলৈ ভাল পাম

গুৱাহাটীঃ প্ৰাক্তন সাংসদ, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা টিএমচিৰ সভাপতি ৰিপুন বৰাই টিএমচি ত্যাগ কৰাৰ পাছতে তেওঁ ক’ত যোগদান কৰিব তাকে লৈ চৰ্চা অব্যাহত আছে৷ ২০২২ চনৰ এপ্ৰিল মাহত অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ৰিপুৰ বৰাই৷ প্ৰায় আঢ়ৈ বছৰ দলটোৰ ৰাজ্যিক মুৰব্বী পদত থাকি অৱশেষত ছত্ৰভংগ দিছে৷ দেওবাৰে বৰাই দলটোৰ নেতাৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি পদত্যাগ ঘোষণা কৰে যদিও এই পৰ্যন্ত পৰৱৰ্তী ৰাজনৈতিক যাত্ৰা কোনটো দলৰ সৈতে কৰিব তাকে লৈ চৰ্চা চলিছে৷ ৰিপুন বৰাই কংগ্ৰেছত পুনৰ যোগদান কৰাৰ চৰ্চা চলিছে৷

পৰৱৰ্তী সময়ত কোনটো দলত যোগদান কৰিব সেই সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত বৰাই কয় যে যেতিয়া মই তৃণমূল কংগ্ৰেছত যোগদান কৰিছিলো তেতিয়া মোৰ বহু আশা আছিল। মই টিএমচিত যোগদান কৰিবলৈ কংগ্ৰেছ এৰিছিলো৷ বংগত বিজেপিক ক্ষমতা দখল কৰাত বাধা দিয়াত মমতা বেনাৰ্জীৰ সফলতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলো৷ অৱশ্যে, তৃণমূলৰ সৈতে দুবছৰ থকাৰ পিছত বৰাই অনুভৱ কৰিছিল যে দলটো অসমত বিস্তাৰ কৰাত অসুবিধা আছে৷ অসমৰ মানুহে দলটোক বংগৰ আঞ্চলিক দল বুলি ভাবে৷ তেওঁ লগতে কয় যে মই যিহেতু কংগ্ৰেছত আছিলো৷ সেয়েহে কংগ্ৰেছে বিচাৰিলে মই দলটোলৈ যোৱাত অসুবিধা নাই৷ কিয়নো কংগ্ৰেছ মোৰ পুৰণি ঘৰ আৰু মই ঘূৰি যাবলৈ ভাল পাম৷

  • Related Posts

    হিমন্ত বিশ্ব শৰ্মাই ‘হিটলাৰী শাসন’ বন্ধ কৰক, নগাঁৱত কংগ্ৰেছৰ সাংসদ-বিধায়কৰ ওপৰত আক্ৰমণ

    নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰা, কংগ্ৰেছৰ মুখপাত্ৰ মহচীন খান আদি নেতাৰ ওপৰত এক ভয়াবহ আক্ৰমণ সংঘটিত হয়। সন্ধিয়া ছয় বজাৰ…

    চাৰিটা দাবীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰক, ৰাইডঙীয়াত একেখন মঞ্চত অনুসূচিত জাতিৰ সংগঠনসমূহৰ নেতৃত্ব

    যোৱা ২৫ এপ্ৰিলত নগাঁও জিলাৰ ৰাইডঙীয়াত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যোগত পালন কৰা আম্বেদকাৰ জন্ম-জয়ন্তীত ৰাজ্যৰ অনুসূচিত জাতিৰ প্ৰায়সমূহ ছাত্ৰ আৰু জাতীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে৷ অনুসূচিত জাতি সংগ্ৰামী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…