শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ মহাবিদ্যালয়ত বিশেষ সভা, ডিব্ৰুগড় জিলাক নিৰক্ষৰ মুক্ত কৰাৰ অভিযান আৰম্ভ

লাহোৱালঃ ডিব্ৰুগড় জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়৷ ডিব্ৰুগড় জিলা সাক্ষৰতা মিছন কৰ্তৃপক্ষ আৰু শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত আন্তৰ্জাতিক সাক্ষৰতা সপ্তাহৰ সৈতে সংগতি ৰাখি সজাগতামূলক সভা অনুষ্ঠিত হয়৷ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈৰ পৌৰহিত্যত অনুষ্ঠিত সজাগতা সভাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী, জিলা সমন্বয়ক হেমন্ত হাজৰিকা আৰু সমন্বয়ক অনিল প্ৰসাদ সিংহ উপস্থিত থাক৷ সমল ব্যক্তি হেমন্ত হাজৰিকাই পৃথিৱীত ১২ শতাংশ লোক এতিয়াও অশিক্ষিত হৈ আছে আৰু ৬০.৭ নিযুত শিশু এতিয়াও স্কুললৈ নোযোৱাকৈ আছে বুলি চিন্তা ব্যক্ত কৰে৷ সভাত বক্তব্য ৰাখি অনিল প্ৰসাদ সিংহই কয় যে আমি প্ৰতেক্যেই সাক্ষৰতা কাৰ্যসূচীত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অংশ গ্ৰহণ কৰিব পাৰো৷ নিজৰ প্ৰতিবেশী বা চুবুৰীয়া নিৰক্ষৰ লোকক আমি সাক্ষৰসকলে ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই সাক্ষৰতাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰো৷ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব লাগে বুলি তেখেতে বক্তব্যত উল্লেখ কৰে৷

বৰ্তমান ভাৰতবৰ্ষৰ সাক্ষৰতাৰ হাৰ ৭৭.৭ শতাংশ আৰু অসমৰ শিক্ষিতৰ হাৰ ৭২.১৯ শতাংশ৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ভাৰত চৰকাৰে ২০২২ চনৰ ৰ এপ্ৰিলৰ পৰা ২০২৭ চনৰ ৩১ মাৰ্চলৈ পাঁচবছৰৰ বাবে ১০০ শতাংশ সাক্ষৰতা লাভৰ লক্ষ্যৰে নতুন শিক্ষানীতি-২০২০ অনুসৰি ‘উল্লাস’ শীৰ্ষক এখন আঁচনি প্ৰস্তুত কৰিছে৷ এই আঁচনিৰ অধীনত ‘নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী’ ৰূপায়ন কৰিছে৷ অসমৰ সকলো জিলাৰ লগতে ডিব্ৰুগড় জিলাত ‘নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী’ৰ দ্বাৰা ১ ছেপ্তেম্বৰৰ পৰা ৮ ছেপ্তেম্বৰলৈ আন্তৰ্জাতিক সাক্ষৰতা সপ্তাহ পালন কৰি থকা হৈছে৷ হাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী চাবিনা নাচিফা আহমেদে আঁতধৰা সভাত উপস্থিত থকা সকলোকে ডিব্ৰুগড় জিলা সাক্ষৰতা মিছন কৰ্তৃপক্ষ আৰু শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয় কৰ্তৃপক্ষই ধন্যবাদ জ্ঞাপন কৰে৷

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ