অনলাইন মানি ট্ৰেডিঙৰ বিৰুদ্ধে কঠোৰ হ’ব অসম চৰকাৰ৷ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অনলাইন মানি ট্ৰেডিঙৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা উল্লেখ কৰিছে৷ কোটি কোটি টকা আত্মসাৎ কৰা বিশাল ফুকন আৰু স্বপ্ননীল দাসক গ্ৰেপ্তাৰৰ পাছতে মুখ্যমন্ত্ৰীয়ে কঠোৰ হোৱাৰ সংকেত দিয়ে৷ ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজোৰা অভিযান চলােৱাৰ লগতে ইতিমধ্যে ৰুজু হোৱা গোচৰসমূহো পৰীক্ষা কৰিবলৈ কয় মুখ্যমন্ত্ৰীয়ে। নতুনকৈ গোচৰ ৰুজু কৰি হ’লেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৎপৰ হৈছে অসম আৰক্ষী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাইছে অসম আৰক্ষীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ লাভ কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি সিঙ তৎপৰ হয়৷ ফলত অনলাইন মানি ট্ৰেডিং প্ৰৱঞ্চনাৰ বিৰুদ্ধে থানাই থানাই গোচৰ ৰুজু হৈছে। ডিব্ৰুগড়, গুৱাহাটী আৰু ধুবুৰীত ৰুজু হোৱা তিনিটা গোচৰৰ ভিত্তিত ডিব্ৰুগড়ত দুজন, গুৱাহাটীত এজন আৰু ধুবুৰীত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।
জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ
ডিজিটেল ডেস্কঃ এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…