শিলচৰত চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই নিজকে শেষ কৰিলে এজন জোৱানে

শিলচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই এগৰাকী RPSF জোৱানে আত্মহত্যা কৰে।

শিলচৰ ৰেল ষ্টেচনত সংঘটিত এই চাঞ্চল্যৰ ঘটনাটোত মৃত্যু হোৱা জোৱানজন উত্তৰ প্ৰদেশৰ সানুজ চৌহান বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, এন এফ ৰেলৱেৰ শিলচৰস্থিত ডেপুটি চিফ ইঞ্জিনিয়াৰৰ কাৰ্যালয়ৰ সম্মুখত কৰ্তব্যত নিয়োজিত আছিল সানুজ চৌহান।

কিন্তু মঙলবাৰে কৰ্তব্যৰত অৱস্থাতে হঠাৎ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই জোৱানজনে। সহকৰ্মী সকলে ৰক্তাক্ত অৱস্থাত চৌহানক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসক মৃত বুলি ঘোষণা কৰে।

তিনি দিন পূৰ্বে লামডিং কাৰ্যালয়ৰ পৰা বদলি হৈ শিলচৰত নিয়োজিত হৈছিল RPSF জোৱান সানুজ চৌহান।

কি কাৰণত জোৱানজনে এই ঘটনা সংঘটিত কৰিলে তাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে