বিদেশী বুলি ঘোষণা কৰা ২৮জনৰ হৈ আইনী যুঁজ দিব আজমলে!

সোমবাৰে বৰপেটাৰ পৰা অবৈধ পুৰুষ-মহিলাকে ধৰি মুঠ ২৮ জন লোকক বিদেশী বুলি ঘোষণা কৰি গোৱালপাৰাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফ দলে।

দলটোৰ দুই বিধায়ক ক্ৰমে নজৰুল হক আৰু ৰফিকুল ইছলামে এই সন্দৰ্ভত চৰকাৰৰ লগতে কংগ্ৰেছক সমালোচনা কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা ২৮জনৰ হৈ আইনী যুঁজ দিব বুলিও মন্তব্য কৰে।

তেওঁলোকে কয়, ‘২৮জন লোকৰ সমস্ত তথ্য আহৰণ কৰাৰ বাবে সাজু হৈছে আজমল’। প্ৰয়োজনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ মৌলানা বদৰুদ্দিন আজমল সাজু বুলিও উল্লেখ কৰে।

সোমবাৰে ২৮জন লোকক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ মুহূৰ্তত অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

এই বিষয়টোক লৈ চলি থকা বিতৰ্কৰ মাজতেই আজি এ আই ইউ ডি এফ দলে কৰা এই ঘোষণাই স্বাভাৱিকতে পৰিয়াল কেইটাক কিছু সকাহ প্ৰদান কৰিব।

Brahmaputra Times

Related Posts

জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ