
মাজুলী জিলাৰ গড়মূৰৰ কণমানি পৰিনীতাক লাগে আপোনাৰ সহায়৷ গড়মূৰৰ স্বামীহাৰা দিপামণি দাসৰ ৫ বছৰীয়া কন্যা পৰিনীতাই খোজকাঢ়িব নোৱাৰে৷ আনহাতে জন্মৰে পৰা মূকবধিৰ৷ দৰিদ্ৰ দিপামণি দাসৰ স্বামী দুবছৰ পূৰ্বেই মৃত্যুক আকোৱালি লৈছে৷ দিপামণি দাসে কোনোমতে ঘৰখন চলাই যদিও কন্যাৰ চিকিৎসা কৰিব পৰা নাই৷ নিজ কন্যাক উন্নত চিকিৎসা কৰিব খোজে৷ কিন্তু ব্যয়বহুল হোৱাৰ ভয়তে আজিলৈ কন্যাক চিকিৎসা কৰিবলৈ সাহস কৰা নাই৷ উপায়হীন দুৰ্ভগীয়া মাতৃগৰাকীয়ে হৃদয়বান লোকৰ সাহয় বিচাৰিছে।