প্ৰাক-শিক্ষক দিৱসত শিক্ষাবিদ-সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সম্বৰ্ধনা

আজি ৰাজ্যৰ দুটাকৈ স্বেচ্ছাসেৱী অনুষ্ঠানে যৌথভাৱে অনুষ্ঠিত কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকী শিক্ষাবিদৰ লগতে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰে৷ শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়োৱা বৰঙণিৰ বাবে শিক্ষাবিদ ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃয়ে এটা গছপুলি, মানপত্ৰ আৰু বিশেষ ট্ৰফীৰে ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰে৷ স্বেচ্ছাসেৱী অনুষ্ঠান দুটাই শিক্ষক দিৱসৰ পূৰ্বে আজি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীমন্ত কলাক্ষেত্ৰত বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰে৷ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচন আৰু মা বিদ্যাভাৰতী ফাউণ্ডেচনৰ উদ্যোগত প্ৰাক-শিক্ষক দিৱস উদযাপন কৰা হয়৷ প্ৰাক-শিক্ষক দিৱসত ৰাজ্যৰ বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰা হয়৷ ডিব্ৰুগড়ৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ শিক্ষাবিদ, বিশিষ্ট সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহে সদায়েই সমাজৰ পিছপৰা শ্ৰেণীৰ হকে কাম কৰি আহিছে৷ শিক্ষাবিদ, সমাজ সংস্কাৰক, ক্ৰীড়াবিদ, চাহ জনগোষ্ঠীৰ নেতা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি সমাজ সেৱা কৰি আহিছে৷ বিশেষকৈ নিজেই শিক্ষানুষ্ঠান গঢ়ি শিক্ষাৰ জাগৰণ সৃষ্টিত সহায় কৰিছে। ব্যক্তিগতভাবে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে৷

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ