ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ খাৰুপেটীয়াত নিজ পাষান পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে মাতৃয়ে।
গনেশ দাস নামৰ এই পাষাণ পুত্ৰজনৰ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বুধবাৰে সন্ধিয়া খাৰুপেটীয়াৰ টিলাপট্টিত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড।
জানিব পৰা অনুসৰি লোহাৰ ৰ’ডেৰে মৰিয়াই মৰিয়াই ৫০ উৰ্ধ্বৰ মাতৃগৰাকীক হত্যা কৰে।
গনেশ দাসে প্ৰায়েই মাতৃক প্ৰহাৰ কৰি আহিছিল বুলি স্থানীয় লোকে জানিব দিয়ে।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত দণ্ডাধীশ তনবিৰ ইউছুফ আহমেদ আৰু খাৰুপেটীয়া আৰক্ষীৰ দল উপস্থিত হৈ অভিযুক্ত গনেশ দাসক গ্ৰেপ্তাৰ কৰে।