
ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই বিজেপি দলত যোগদান কৰে। ক্ৰিকেট বিশ্বত বিশেষভাৱে দুৰ্দান্ত ফিল্ডিঙৰ বাবে পৰিচিত জাদেজাই গ্ৰহণ কৰে বিজেপিৰ সদস্যতা।
দেশজুৰি আৰম্ভ হোৱা বিজেপিৰ সদস্যতা ভৰ্তি অভিযানৰ মাজতেই ক্ৰিকেটাৰগৰাকীয়ে দলটোত যোগদান কৰা খবৰে বিশেষ চৰ্চা লাভ কৰিছে।
স্মৰ্তব্য যে, জাদেজাৰ পত্নী ৰিভাবা জাদেজা গুজৰাটৰ উত্তৰ জামনগৰৰ বিধায়ক। বৃহস্পতিবাৰে বিধায়ক পত্নীয়ে নিজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ আৰু তেওঁৰ ক্ৰিকেটাৰ স্বামী ৰবীন্দ্ৰ জাদেজাই বিজেপিৰ সদস্যতা গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰে।
ৰিভাবাই বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে এটা পোষ্টত ‘মেম্বাৰশ্বিপ কেম্পেইন ২০২৪’ হেচটেগৰে জাদেজাৰ সদস্যপদ কাৰ্ডৰ ছবি শ্বেয়াৰ কৰে।