কংগ্ৰেছত যোগদানৰ পিছতেই টিকট লাভ কৰিলে বিনেশ ফ’গাটে

পেৰিছ অলিম্পকত দুৰ্দান্ত প্ৰদৰ্শনৰ পিছতো পদকৰ পৰা বঞ্চিত হোৱা মল্লযুঁজাৰু বিনেশ ফ’গাটে এইবাৰ নামিব ৰাজনীতিৰ পথাৰত। হাৰিয়ানাত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিনেশ ফ’গাটে জুলানা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

শুকুৰবাৰে কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতে ভাৰতৰ এইগৰাকী জনপ্ৰিয় মল্লযুঁজাৰুৱে টিকট লাভ কৰা বিষয়টোৱে দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতেই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘মোৰ কেৰিয়াৰত মোক সহায় কৰাৰ বাবে দেশবাসীৰ লগতে সংবাদ মাধ্যমক ধন্যবাদ। মই কংগ্ৰেছ দলক ধন্যবাদ জনাইছো, কোৱা হয় যে কঠিন সময়ত আপোনাৰ লগত কোন থাকে। যেতিয়া আমাক ৰাজপথত চোচৰাই অনা হৈছিল সেই সময়ত বিজেপিক বাদ দি সকলো দল আমাৰ লগত আছিল’।

উল্লেখ্য যে ভাৰতীয় মল্লযুঁজ ফেডাৰেছনৰ প্ৰাক্তন মুৰব্বী তথা বিজেপি সাংসদ বৃজভূষণ চৰণ সিঙৰ বিৰুদ্ধে নিৰ্যাতন তথা মানসিক অত্যাচাৰৰ অভিযোগ তুলি মল্লযুঁজাৰুসকলে আৰম্ভ কৰা আন্দোলনৰ অন্যতম আছিল বিনেশ ফ’গাট আৰু বজৰং পুনিয়া। এই দুয়োজন মল্লযুঁজাৰুৱে শুকুৰবাৰে কংগ্ৰেছ দলত যোগদান কৰে।

ইফালে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুড্ডাই গাঢ়ি ছামপ্লা কিলৈ সমষ্টিৰ পৰা আৰু ৰাজ্যিক সভাপতি উদয় ভানে হোডাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

Related Posts

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু