উৎকট গৰম; মাজুলীত ঢলি পৰিল ৮ গৰাকী ছাত্ৰী

দেশৰ বিভিন্ন ৰাজ্যৰ দৰে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্য কেইখনত আৰম্ভ হৈছে নেকি গ্ৰীষ্মপ্ৰবাহ৷ বিগত দুই-তিনিদিনৰ পৰা অসমত হঠাতে আৰম্ভ হোৱা গৰমৰ বাবেই উত্থাপিত হৈছে এই প্ৰশ্ন।

প্ৰণিধানযোগ্য যে ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন৷ জুন, জুলাই মাহৰ দৰে গৰম অনুভূত হোৱাত ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুওৱা পৰিলক্ষিত হৈছে।

এই উৎকট গৰমৰ বাবে মাজুলীৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থী অচেতন হৈ পৰাৰ খবৰ আহিছে। জানিব পৰা অনুসৰি মাজুলীৰ আউনিআটী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। প্ৰাতঃসভা চলি থকাৰ সময়তে বিদ্যালয়খনৰ ৮ গৰাকী ছাত্ৰী ঢলি পৰে।

ঘটনা সংঘটিত হোৱাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই অসুস্থ শিক্ষাৰ্থীকেইগৰাকীক গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই ঘটনাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় চুটি ঘোষণা কৰে বুলি জানিব পৰা গৈছে।

Related Posts

ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…