
ট্ৰেডিং কাণ্ডক লৈ বিগত কিছুদিন ধৰি ৰাজ্যত সৃষ্টি হৈ থকা তীব্ৰ বিতৰ্ক সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
ঘটনাটোক লৈ কঠোৰ হোৱা মুখ্যমন্ত্রী শৰ্মাই ইতিমধ্যে শনিবাৰে তদন্তৰ বাবে আয়কৰ বিভাগ (Income Tax) আৰু প্ৰৱৰ্তন সঞ্চালকালয় (ED)ৰো সহায় লোৱা বুলি মন্তব্য কৰিছিল।
একেদৰে প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়ত তদন্তৰ দায়িত্ব চিবিআই (CBI)কো দিয়া হ’ব বুলি ঘোষণা কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ কৰিবলৈ SIT গঠন কৰাৰ কথাও জনাইছিল।
আজি আইপিএছ বিষয়া সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠন কৰা হৈছে SIT।
ইয়াৰ মাজতে শনিবাৰে নিশা ফেচবুক লাইভযোগে মুখ্যমন্ত্রী শৰ্মাই ট্ৰেডিং কাণ্ডৰ সৈতে জড়িত কোনো লোক সাৰি নাযায় বুলি মন্তব্য কৰে। অৰ্থাৎ অভিনেতা-অভিনেত্ৰীয়েই হওক কোনো লোককে তদন্তৰ পৰা ৰেহাই দিয়া নহ’ব বুলি উল্লেখ কৰে।