চুমী-তাৰ্কিকক ৱান্টেড ঘোষণা আৰক্ষীৰ

ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ থকা ট্ৰেডিং কেলেংকাৰী ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এছ আই টিয়ে। IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠন কৰা চি আই ডিৰ ৭ জনীয়া দলটোৱে আৰম্ভ কৰিছে অভিযান।

এছ আই টিৰ দলটোৱে ট্ৰেডিং কাণ্ডত জড়িত ২২ গৰাকীক লুক আউট চাৰ্কুলাৰ জাৰি কৰিছে।

CIDৰ বিশেষ তদন্তকাৰী দলে মুঠ ২৮টা গোচৰত দীপাংকৰ বৰ্মন, চুমি বৰা, তাৰ্কিক বৰা, ৰাজীৱ বৰাকে ধৰি ২২ জনলৈ লুক আউট চাৰ্কুলাৰ জাৰি কৰিছে।

উল্লেখ্য যে, বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা সন্ধান নাই চুমী বৰাৰ। অৰ্থাত প্ৰায় এসপ্তাহ ধৰি পলাই ফুৰিছে চুমি আৰু তেওঁৰ স্বামী তাৰ্কিক।

এই ট্ৰেডিং কাণ্ডৰ তদন্তৰ ভাৰ চি আই ডিয়ে লোৱাৰ পিছৰে পৰা এছ আই টিৰ দলে তেওঁলোক দুয়োজনকে কৰায়ত্ত কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে।

ইতিমধ্যে মেঘালয়ৰ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতেই চি আই ডিৰ দলে মেঘালয়ৰ আৰক্ষীৰ সহায়ত অভিযান আৰম্ভ কৰিছে।

Related Posts

কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ