বিজেপি নেতাৰ আশু আৰোগ্য কামনা কৰি ৰঙানদীৰ মন্দিৰ, নামঘৰ, গীৰ্জাত বন্তি প্ৰজ্বলন

ৰাজ্যিক বিজেপিৰ এজনৰ সক্ৰিয় নেতাৰ আশু আৰোগ্য কামনা কৰি মন্দিৰ, নামঘৰ, গীৰ্জাত বন্তি প্ৰজ্বলন কৰা দেখা গৈছে৷ গৃহ সমষ্টিৰ ৰাইজে মন্দিৰ, নামঘৰ, গীৰ্জা আদিত বন্তি প্ৰজ্বলন কৰি নেতাগৰাকীৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে৷ পথ দুৰ্ঘটনাত পতিত হৈ বৰ্তমান দিল্লীত চিকিৎসাধীন নেতাগৰাকী হৈছে ঋষিৰাজ হাজৰিকা৷ ঋষিৰাজ হাজৰিকাৰ ঘৰ হৈছে নকৈ গঠিত লখিমপুৰৰ ৰঙানদী সমষ্টিত৷ জানিব পৰা মতে, যুৱনেতাগৰাকী দুৰ্ঘটনাত পতিত হৈছিল ৫ ছেপ্টেম্বৰত। দুৰ্ঘটনাগ্ৰস্ত যুৱনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত উন্নত চিকিৎসাৰ বাবে দিল্লীৰ চাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰা হয়। লখিমপুৰত চিকিৎসাধীন অৱস্থাত ৰঙানদীত যুৱনেতা ঋষিৰাজ হাজৰিকাৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছিল। ৰঙানদীবাসীৰ প্ৰিয় যুৱনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰি নামঘৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়। কেৱল নামঘৰতেই নহয় লখিমপুৰ জিলাৰ ৰঙানদীৰ প্ৰতিটো প্ৰান্তৰ মঠ-মন্দিৰ, গীৰ্জাত প্ৰাৰ্থনা কৰি যুৱনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰি কৰা দেখা গৈছে। যুৱনেতা হাজৰিকাক সুস্থ হৈ অহাৰ কামনা কৰিছে ৰঙানদীবাসীয়ে।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…