সোণাপুৰৰ উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্রীৰ ডাঙৰ মন্তব্য

বৃহস্পতিবাৰে সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত দুজন বেদখলকাৰীৰ মৃত্যু হোৱা প্ৰসংগত মন্তব্য কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

উচ্ছেদ অভিযানৰ বিৰোধিতা কৰা কংগ্ৰেছ দলক লক্ষ্য কৰি মুখ্যমন্ত্রী শৰ্মাই আজি সংবাদ মেলৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয়, ‘প্ৰথমে শান্তিপূৰ্ণ ভাৱে উচ্ছেদ অভিযান চলি আছিল। কংগ্ৰেছে সভা পতাৰ পাছতেই বেদখলকাৰী সকল উত্তেজিত হ’ল’।

ট্ৰাইবেল বেল্ট আৰু ব্লক আইন খন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী গোপনাথ বৰদলৈয়েই আনিছিল বুলি উল্লেখ কৰি কয়, ‘বৰ্তমান এনে অঞ্চলবোৰত সন্দেহজনক লোকসকল সোমাইছে। ৪-৫ বছৰত এনে অঞ্চলত জনসংখ্যা ২০-২৫ হাজাৰলৈ বৃদ্ধি পায়’।

চৰকাৰী ভূমি তথা এনে অঞ্চল সমূহত এনে লোকক একাংশ দালালে আনি সংস্থাপন কৰি দিয়ে বুলি অভিযোগ তুলি মুখ্যমন্ত্রী শৰ্মাই কয়, ‘এনে দালাল আমি চিনাক্ত কৰিছোঁ, গ্ৰেপ্তাৰ কৰিম এনে দালালক’।

কোটা বিৰোধী আন্দোলনত বাংলাদেশত যিবোৰ শ্লোগান ব্যৱহাৰ হৈছিল একেই শ্লোগান কালি সোণাপুৰত শুনিবলৈ পোৱা গৈছিল বুলিও গুৰুতৰ অভিযোগ তোলে মুখ্যমন্ত্রী শৰ্মাই।

তেওঁ লগতে কয়, ‘ৰে’ল ৰখাই দিয়া হৈছে , শিশুৰ পৰা বয়োজেষ্ঠলৈকে সকলোৱে লাঠী-দা লৈ আৰক্ষী-প্ৰশাসনক আক্ৰমণ কৰিছিল। ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা লৈ আছে, আজি DGP গৈছে কাইলৈ মই যাব পাৰোঁ’।

Related Posts

হিমন্ত বিশ্ব শৰ্মাই ‘হিটলাৰী শাসন’ বন্ধ কৰক, নগাঁৱত কংগ্ৰেছৰ সাংসদ-বিধায়কৰ ওপৰত আক্ৰমণ

নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰা, কংগ্ৰেছৰ মুখপাত্ৰ মহচীন খান আদি নেতাৰ ওপৰত এক ভয়াবহ আক্ৰমণ সংঘটিত হয়। সন্ধিয়া ছয় বজাৰ…

চাৰিটা দাবীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰক, ৰাইডঙীয়াত একেখন মঞ্চত অনুসূচিত জাতিৰ সংগঠনসমূহৰ নেতৃত্ব

যোৱা ২৫ এপ্ৰিলত নগাঁও জিলাৰ ৰাইডঙীয়াত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যোগত পালন কৰা আম্বেদকাৰ জন্ম-জয়ন্তীত ৰাজ্যৰ অনুসূচিত জাতিৰ প্ৰায়সমূহ ছাত্ৰ আৰু জাতীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে৷ অনুসূচিত জাতি সংগ্ৰামী…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…