হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দিবলৈ নীতিশ কুমাৰ-চন্দ্ৰবাবু নাইডুৰ কাষ চাপিব সংখ্যালঘূ সংগঠন

সোণাপুৰৰ কচুতলিত উচ্ছেদৰ সময়ত উত্তেজিত লোকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰাত দুজন লোক নিহত হয়৷ তাৰ পাছতে কেইবাটাও সংখ্যালঘূ সংগঠনে ঘটনাক নিন্দা কৰি এয়া অমানৱীয় বুলি অভিযোগ আনিছে৷ এনে উচ্ছেদ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে৷ তাৰ মাজতে এটা সংখ্যালঘূ সংগঠনে বিজেপিৰ সৈতে লগলাগি চৰকাৰ চলাই থকা দুটা ৰাজনৈকিত দলৰ মুৰব্বীক সাক্ষাৎ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব বুলি দাবী কৰিছে৷ এনডিএৰ সহযোগী দল বিহাৰৰ জনতা দল ইউনাইটেডৰ মুৰব্বী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক সাক্ষাৎ কৰিব বুলি স্পষ্ট কৰিছে৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক সাক্ষাৎ কৰি অসমৰ পৰিস্থিতিৰ কথা অৱগত কৰিব বুলি কয়৷ বিশেষকৈ সোণাপুৰৰ কচুতলিৰ উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত দুজন লোক নিহত হোৱাৰ পাছতে নীতিশ আৰু চন্দ্ৰবাবুক সাক্ষাৎ কৰাৰ সিদ্ধান্ত লয় সংখ্যালঘু সংগ্ৰাম পৰিষদে৷ সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমত মুছলমানৰ সৈতে ঘটি থকা কেইবাটাও বিষয় নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক অভিযোগ আকাৰে দিব বুলি জানিব পৰা গৈছে৷

  • Related Posts

    পেহেলগাম ঘটনাক লৈ সাম্প্ৰদায়িক মন্তব্য কৰা সমগ্ৰ অসমত ৫ জনক গ্ৰেপ্তাৰ

    পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ সন্দৰ্ভত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা ব্যক্তিক অসমবাসীয়ে কোনো কাৰণতে ক্ষমা নকৰে। এয়া সম্পূৰ্ণৰূপে দেশদ্ৰোহিতা হিচাপে বিবেচিত। এই বিষয়ত জড়িত কেইবাজনো লোকক অসম আৰক্ষীয়ে…

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…