বিধায়ক পদ হেৰুৱাৰ কমলাক্ষই! ৰকিবুলে কৰিছে আবেদন…

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ বিধায়ক পদ খাৰিজ কৰিবলৈ আজি বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন দাখিল কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে। কংগ্ৰেছ দলৰ আন এগৰাকী নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে যিদৰে লোকসভা নিৰ্বাচনত দলৰ বিৰুদ্ধে কাম কৰিছিল ঠিক একেধৰণে কমলাক্ষ দে পুৰকায়স্থয়ো দল বিৰোধী কাম-কাজত লিপ্ত হৈছিল।

নিলম্বিত বিধায়কজনে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। শেহতীয়া কাম-কাজেৰেও তেওঁ যে দলবিৰোধী কাম-কাজত জড়িত সেয়া স্পষ্টকৈ প্ৰমাণ কৰি দিছে। দলবিৰোধী কাম-কাজত জড়িত হোৱাতো স্পষ্ট হৈ পৰালৈ চাই নিয়ম অনুযায়ী তেওঁৰ বিধায়ক পদ খাৰিজ হ’ব লাগিছিল। কিন্তু এই পৰ্যন্ত বিধানসভাৰ অধ্যক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি সাংসদ ৰকিবুল হুছেইনে নথি-পত্ৰসহকাৰে বিধানসভাত এই তথ্য দাখিল কৰে।

নথি-পত্ৰ দাখিল কৰি প্ৰাক্তন বিধায়ক তথা বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে শীঘ্ৰে নিলম্বিত বিধায়কগৰাকীৰ পদ খাৰিজ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰি কি কাৰণে শ্বেৰমান আলীৰ বিধায়ক খাৰিজ কৰা নাই সেই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ আৰু বিধানসভাৰ সচিবলৈ সময় বান্ধি দি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ