ৰাহুল গান্ধী-ওমৰ আব্দুল্লাৰ চৰকাৰ হ’লে কাশ্মীৰত পুনৰ আৰম্ভ হ’ব গুলীচালনা : অমিত শ্বাহ

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৰামবনত উপস্থিত হৈ এক বিশাল জনসভাত অংশ লৈ ভোটাৰক সম্বোধন কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘৩৭০ অনুচ্ছেদ পুনৰ কাৰ্যকৰী কৰি তেওঁলোকে জম্মু-কাশ্মীৰক সন্ত্ৰাসবাদৰ জুইত পেলাব বিচাৰে। পাকিস্তানৰ সৈতে আলোচনাৰ কথা কয় মই এই কথা স্পষ্ট কৰি দিওঁ যে সন্ত্ৰাসবাদ শেষ নোহোৱালৈকে পাকিস্তানৰ সৈতে কোনো আলোচনা নহ’ব’।

অমিত শ্বাহে লগতে কয়, ‘তেওঁলোকে এল অ’ চি বাণিজ্য পুনৰ আৰম্ভ কৰিব বিচাৰে, সেই একেটা এল অ’ চি ব্যৱসায় যিয়ে ইয়াত সন্ত্ৰাসবাদক লালন-পালন কৰিছে। সন্ত্ৰাসবাদ শেষ নোহোৱালৈকে বাণিজ্য আৰম্ভ নহ’ব’।

অমিত শ্বাহে পুনৰ কয়, ‘ওমৰ আব্দুল্লাই কয় আফজল গুৰুক ফাঁচী দিব নালাগে। ইয়াৰ পৰাই বুজা যায় ৰাহুল গান্ধী আৰু ওমৰ আব্দুল্লাৰ চৰকাৰ গঠন হ’লে কি হ’ব? পুনৰ গুলীচালনা হ’ব, পুনৰ শিলগুটি নিক্ষেপ কৰা হ’ব। ইয়াত পুনৰ চিনেমা হল বন্ধ কৰা হ’ব, অমৰনাথ যাত্ৰাত পুনৰ আক্ৰমণ কৰা হ’ব’।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…