
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক দিল্লী, লক্ষ্ণৌ আৰু মহাৰাষ্ট্ৰৰ কেইবাজনো নেতাই ভাবুকি প্ৰদান কৰিছে৷ ৰাহুল গান্ধীৰ আইতাক ইন্দিৰ গান্ধী আৰু পিতৃ ৰাজীৱ গান্ধী আততায়ীৰ আক্ৰমণত শ্বহীদ হৈছিল৷ বিজেপিৰ নেতা তালৱিন্দৰ সিং মাৰৱাহে ১১ ছেপ্টেম্বৰত ৰাহুল গান্ধীক ভাবুকি দিয়ে। তালৱিন্দৰ সিং মাৰৱাহে কয় ‘‘ৰাহুল গান্ধী চিধা হ, নহ’লে অনাগত দিনত তোমাৰো এনেকুৱা অৱস্থা কৰা হ’ব যি অৱস্থা তোমাৰ আইতাৰ কৰা হৈছিল৷’’ ৰাজ্যসভাৰ সাংসদ অনিল বণ্ডে ৰাহুল গান্ধীৰ ‘জিভা ‘জ্বলাই’ দিয়াৰ আহ্বান জনাইছিল। যিটো পৰিয়ালৰ দুগৰাকীকৈ সদস্য আততায়ীৰ গুলীত শ্বহীত হৈছিল সেইটো পৰিয়ালৰ ৰাজনীতিত সক্ৰিয় এগৰাকী সদস্যক প্ৰাণ লোৱাৰ ভাবুকি দিয়া কাৰ্যক সহজে ল’ব পৰা নাই দেশবাসীয়ে৷ আজি দিল্লীৰ তুঘলক ৰোড আৰক্ষী থানাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ আৰু সাধাৰণ সম্পাদক অজয় মাকনে বিজেপি নেতা তৰবিন্দৰ সিং মাৰৱাহ, ৰৱনীত সিং বিট্টু, ৰঘুৰাজ সিং, শিৱসেনাৰ বিধায়ক সঞ্জয় গায়কৱাড়, অনিল বণ্ডৰ মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ কংগ্ৰেছ দলে অভিযোগ কৰি কয় যে শাসকীয় এনডিএ দলে ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছে৷ বিজেপি আৰু সহযোগী দলৰ নেতাসকলৰ শেহতীয়া মন্তব্যৰ উদ্দেশ্য এয়াই যে ৰায়বৰেলীৰ সাংসদ গান্ধীৰ নিৰাপত্তা বিপদাপন্ন কৰা, জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত নিৰ্বাচনৰ শান্তি বিঘ্নিত কৰা। অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ অজয় মাকনে কয় যে ১১ ছেপ্টেম্বৰত তালৱিন্দৰ সিং মাৰৱাহে এক বিবৃতি এটা বিজেপিয়ে ৰাহুল গান্ধীক ভাবুকি দিয়ে। ৰাহুল গান্ধী আইতাকৰ দৰে অৱস্থা কৰাৰ ভাবুকি দিয়ে। তালৱিন্দৰ সিং মাৰৱাহ ৰাহুল গান্ধীক সকীয়াই দি আৰু কৈছিল ভদ্ৰ আচৰণ কৰক, নতুবা আপোনাৰ আইতাৰ দৰে একেই পৰিস্থিতিৰ সন্তুষ্ট হ’ব৷ অজয় মাকনে মন্তব্যসমূহৰ ভিডিঅ’ আৰক্ষী থানাত দাখিল কৰে৷ অজয় মাকনে এনডিএৰ নেতাসকলৰ বিৰুদ্ধে শীঘ্ৰে গোচৰ পঞ্জীয়ন কৰাৰ দাবী জনায়৷ উল্লেখ্য যে, ১৯৮৪ চনৰ অক্টোবৰ মাহত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিল৷ ৰাহুল গান্ধীক মুক্তভাবে ভাবুকি প্ৰদান কৰাত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰদান কৰিছে৷ শিৱসেনাৰ (ইউবিটি) মুখপাত্ৰ সঞ্জয় ৰাউতে ৰাহুল গান্ধীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনাৰ অভিযোগ উত্থাপন কৰিছে৷ ৰাহুল গান্ধীৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে বুলি কৈ সতৰ্ক কৰি দিয়ে। বিজেপি, শিৱসেনা সিন্দে পন্থীৰ নেতাসকলৰ মন্তব্যক গৰিহণা দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৰাউতে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে ভাৰতীয় জনতা পাৰ্টি আৰু একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাৰ নেতাসকলে ৰাহুল গান্ধীক ভাবুকি দিয়া কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে৷ এম কে ষ্টালিনে এক্সত এটা পোষ্ট দি কয় যে ৰাহুল গান্ধীক আইতাকৰ দৰে একেই পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি এজন বিজেপি নেতাৰ ভাবুকি দিছে৷ এজনে জিভা কাটিবলৈ কৈছে৷ ভয় খুৱাবলৈ ভাবুকি দিয়াৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাত মই হতবাক৷ মোৰ ভাতৃ ৰাহুল গান্ধীৰ চমক আৰু বৰ্ধিত জনসমৰ্থনে বহুতক স্পষ্টভাৱে অস্থিৰ কৰিছে৷ যাৰ ফলত এনে ধৰণৰ নিকৃষ্ট ভাবুকিৰ কাৰ্য্য সংঘটিত হৈছে।