

বড়ো জনগোষ্ঠীৰ স্বাভিমানী কৃষ্টি-সংস্কৃতি বাগৰুম্বা নৃত্যৰ এক অনুশীলন অনুষ্ঠানক লৈ দুই বড়ো জনগোষ্ঠীৰ সংগঠনৰ মাজত লগা সংঘাতে মৰিগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বড়ো জনগোষ্ঠীৰ স্বাভিমানী কৃষ্টি-সংস্কৃতি বাগৰুম্বা নৃত্যৰ এক অনুশীলন অনুষ্ঠানক কেন্দ্ৰ কৰি দুই বড়ো জনগোষ্ঠীয় সংগঠনৰ জিলা নেতৃত্বৰ মাজত সংঘাতৰ সৃষ্টি হোৱাত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ মতে মৰিগাঁও জিলা বাথৌ মহাসভাৰ উদ্যোগত ধূপগুৰি গাঁৱৰ ৰাজহুৱা খেল পথাৰত ১৪ ছেপ্টেম্বৰত বাগৰুম্বা নৃত্যৰ এক অনুশীলন অনুষ্ঠান আয়োজন কৰা হৈছিল। এই অনুশীলন অনুষ্ঠান উদ্বোধন কৰিবলৈ নিমন্ত্ৰিত অতিথি ৰূপে দুলাৰায় বাথৌ গৌথুম মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ নেতা গুণেশ্বৰ স্বৰ্গীয়াৰী নিৰ্দিষ্ট সময়ত ধূপগুৰি ৰাজহুৱা খেল পথাৰত উপস্থিত হয়। সেই সময়তে মৰিগাঁও জিলা বড়ো সাহিত্য সভাৰ সভাপতি কাশীৰাম বাগলাৰীয়ে কেইজনমান সতীৰ্থক লগত লৈ আহি ইয়াৰ বিৰোধিতাৰে নৃত্য অনুশীলন স্থলীত ধৰ্ণা দি এক অবাঞ্চিত হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ ফলত উদ্যোক্তা সকলে নৃত্য অনুশীলন অনুষ্ঠানটো বন্ধ কৰি দিব লগাত পৰে। এই ঘটনাটোক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটোত ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে মৰিগাঁও জিলা বাথৌ মহাসভাৰ নেতৃবৃন্দই মঙলবাৰে মৰিগাঁৱত এক সংবাদমেল অনুষ্ঠিত কৰি মৰিগাঁও জিলা বড়ো সাহিত্য সভাৰ সভাপতি গৰাকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সংবাদমেলত মৰিগাঁও জিলা বাথৌ মহাসভাৰ সভাপতি শুকদেৱ ব্ৰহ্ম আৰু সম্পাদক খগেন খাকলাৰী প্ৰমুখ্যে সংগঠনটোৰ নেতা কৰ্মী সকলে কয় যে বিটিআৰ আৰু অসম চৰকাৰে বড়ো জনগোষ্ঠীটোৰ বাগৰুম্বা নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। সেই বাবে মৰিগাঁও জিলা বাথৌ মহাসভাই সংশ্লিষ্ট সকলৰ অনুমতি লৈ ধূপগুৰি গাঁৱৰ ৰাজহুৱা খেল পথাৰত বাগৰুম্বা নৃত্যৰ অনুশীলন অনুষ্ঠানটো আয়োজন কৰিছিল। এই মহৎ অনুষ্ঠানটোত বিধি পথালি দিয়াৰ উদ্দেশ্যে বড়ো-কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য মথুৰা বসুমতাৰীৰ উচতনিত মৰিগাঁও জিলা বড়ো সাহিত্য সভাৰ সভাপতি কাশীৰাম বাগলাৰীয়ে মৰিগাঁৱৰ সীমান্ত আৰক্ষীৰ বিষয়া দেওৰাম বৰমহেলা, শিক্ষক মোহন বাগলাৰী আৰু তথাকথিত নেতা জয়ৰাম মহেলাক লগত লৈ জাতি বিদ্বেষী ভূমিকাৰে এই কাণ্ডটো সংঘটিত কৰে। মৰিগাঁও জিলা বড়ো সাহিত্য সভাৰ সভাপতি কাশীৰাম বাগলাৰী পেছাত এগৰাকী শিক্ষক হৈ এনে আচৰণ প্ৰদৰ্শন কৰা কাৰ্য জাতিটোৰ বাবে অমংগল স্বৰূপ আৰু ই গৰিহণাৰ যোগ্য। তেঁওক কেন্দ্ৰীয় দুলাৰায় বাথৌ গৌথুম মহাসভা আৰু মৰিগাঁও জিলাৰ বড়ো সমাজৰ ওচৰত ৰাজহুৱা ভাবে ক্ষমা খুজিবলৈ বাথৌ মহাসভাৰ নেতৃবৃন্দই দাবী জনাইছে।