অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও, প্ৰধানমন্ত্ৰী-আয়োগৰ নিৰ্দেশ মতে ১৪০ কোটি টকীয়া দুৰ্নীতিৰ তদন্ত নোহোৱাৰ অভিযোগ

দুৰ্নীতিৰ বৰঘৰত পৰিণত হৈছে সৰুমটৰীয়াস্থিত অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়৷ অনুসূচিত জাতিৰ উন্নয়নৰ পৰিৱৰ্তে কেইগৰাকীমান বিষয়া, ঠিকাদাৰৰ লুণ্ঠনৰ আড্ডাস্থলীত পৰিণত হৈছে কাৰ্যালয়টো৷ তাৰ মাজতে আজি প্ৰখৰ ৰদকো নেওচি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক লোকে সৰুমটৰীয়াস্থিত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত হাতে হাতে বেনাৰ-ফেষ্টুন লৈ অহা কেইবৈ শতাধিক লোকে কাৰ্যালয়টো ঘেৰাও কৰাত হঠাতে হুৱা-দুৱা লাগে৷ কাৰ্যালয়ৰ গেট বন্ধ কৰি বিভিন্ন শ্ল’গান দিবলৈ ধৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ জিন্দাবাদ, দুৰ্নীতি সম্ৰাটকসকলক গ্ৰেপ্তাৰ কৰক, লুণ্ঠন বন্ধ কৰক, ১৪০ কোটি টকীয়া দুৰ্নীতিৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰক, মগ-বাল্টি-কণ্টেইনাৰ-চৌকা-প্ৰেচাৰ কুকাৰৰ নামত লুণ্ঠন নচলিব, ১৪০ কোটি টকীয়া দুৰ্নীতিত জড়িতক গ্ৰেপ্তাৰ কৰক, দুৰ্নীতিত জড়িতক চাকৰিৰ পৰা বৰ্খাস্ত কৰক, সুবৰ্ণময় দে, লিটন মিত্ৰৰ কব্জাৰ পৰা সঞ্চালকালয়ৰ কাৰ্যালয়ক মুক্ত কৰক, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ নুপূৰ শ্বাহক গ্ৰেপ্তাৰ কৰক, টিভি আৰু পাকঘৰৰ সামগ্ৰী দিয়াৰ নামত দুৰ্নীতি নচলিব, ৬০০ টকাত পোৱা প্ৰেচাৰ কুকাৰ ২৭০০ টকাত কিনিলে কোনে জবাব দিয়ক, ৫ হাজাৰ টকাৰ টিভি ২৫ হাজাৰ টকাত কিনিলে কোনে জবাব দিয়ক, প্ৰধানমন্ত্ৰী-আয়োগৰ নিৰ্দেশ পালন কৰক আদি শ্লগান দি পৰিবেশ উত্তাল কৰাৰ সময়তে দিছপুৰ আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰয়াস কৰে৷ কিন্তু প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা নেওচি সজোৰে শ্ল’গান দি প্ৰতিবাদ কৰি যায়৷

প্ৰায় ডেৰঘণ্টা সময় কাৰ্যালয়টো বন্ধ হৈ পৰাৰ লগতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰে৷ প্ৰায় ডেৰ ঘণ্টাৰ অন্তত অনুসূচিত জাতি কল্যাণৰ সঞ্চালক কুলশ্ৰী নাথে প্ৰতিবাদকাৰীৰ সন্মুখলৈ ওলাই আহিবলৈ বাধ্য হয়৷ তেনে সময়তে প্ৰতিবাদকাৰীসকলে নান প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে৷ ১৪০ কোটি টকীয়া দুৰ্নীতিৰ কথা জনাৰ পিছতো কিয় ঠিকাদাৰক ধন মুকলি কৰি দিয়া হ’ল সেই প্ৰশ্ন কৰাত মৌন হৈ ৰয় সঞ্চালিকা কুলশ্ৰী নাথ৷ অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ চাকৰি কৰি থকাসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লৈথে সঞ্চালকে বুলি প্ৰতিবাদকাৰীয়ে সোধা প্ৰশ্নৰো উত্তৰ দিব নোৱাৰিলে কুলশ্ৰী নাথে৷ প্ৰতিবাদকাৰীসকল পুনৰ উত্তেজিত হৈ পৰে যদিও উপস্থিত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ তাৰ পাছতে সঞ্চালিকাগৰাকীৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ স্মাৰক পত্ৰত যোগে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত সংঘটিত দুৰ্নীতিৰ তদন্ত অসৱৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা কৰিবলৈ দাবী উত্থাপন কৰে৷

উল্লেখ্য যে, অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত প্ৰায় ১৪০ কোটি টকীয়া দুৰ্নীতিক লৈ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগক অভিযোগ দিছিল অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে বিষয়টোক গুৰুত্বসহকাৰে লৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল ৰাজ্যৰ মুখ্য সচিবক৷ কিন্তু নিৰ্দেশ অনুযায়ী তদন্ত কৰাৰ হোৱা নাই বুলি অভিযোগ আনিছে সংগঠনটোৱে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই জানিবলৈ দিয়া মতে, অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা ৰাজ্যৰ দৰিদ্ৰ অনুসূচিত জাতিৰ লোকৰ বাবে এক আঁচনি ৰূপায়ন কৰা হৈছিল৷ আঁচনি যোগে গৰীৱ পৰিয়ালক একোটাকৈ টিভি, টিভি থবলৈ প্লাষ্টিকৰ টেবুল, দুখন চকী, আৰু পাকঘৰৰ সামগ্ৰী বিতৰণ কৰাৰ কথা আছিল৷ কিন্তু এই আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হয়৷ মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰকত এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত সমিতি গঠন কৰিবলৈ আপোনাক পুনৰ আহ্বান জনাইছে সংগঠনটোৱে৷

অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস কয় ‘‘ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে এই আঁচনি যুগুত কৰিছিল৷ ঠিকা লাভ কৰিছিল ঠিকাদাৰ নুপূৰ শ্বাহে৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে নিবিদাৰ শেষত ঠিকাদাৰক ধন মুকলি কৰি দিয়াত কিছু হিতাধিকাৰীক টিভিৰ সৈতে একোখন প্লাষ্টিকৰ টেবুল আৰু সেই টিভি বহি চাবলৈ দুখনকৈ প্লাষ্টিকৰ চকী প্ৰদান কৰা হৈছে৷ প্লাষ্টিকৰ চকীসমূহ ইমানে পাতল যে মানুহে বহিবই নোৱাৰে৷ টেবুলখনৰো অৱস্থা একেই৷ পাকঘৰৰ সামগ্ৰীসমূহ যেনে প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ আদি প্ৰদান কৰা হৈছে৷ টিভিসমূহো ব্ৰেণ্ডেড নহয় আৰু অত্যন্ত কম দামৰ৷ বজাৰত ৬০০ টকাত লাভ কৰা প্ৰেচাৰ কুকাৰ কিনি ২৭০০ টকা দেখুৱাইছে৷ এই সামগ্ৰীসমূহ নিম্ন মানদণ্ডৰ আৰু ব্যৱহাৰৰ অনুপযোগী৷ এই অভিযোগ উত্থাপন কৰি সঞ্চালিকা কুলশ্ৰী নাথক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে শীঘ্ৰে দুৰ্নীতিত অভিযুক্ত সকলোকে গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰি নিবিদামতে নিৰ্ধাৰণ কৰা টকাৰ বিপৰীতে হিতাধিকাৰীক সামগ্ৰী প্ৰদানৰ দাবী জনাইছে সঞ্জীৱ দাসে৷

অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰকত আন কেইবাটাও দাবী উত্থাপন কৰিছে৷ অসমৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেয়ে প্ৰায় ২৫ বছৰ ধৰি চাকৰি কৰি আছে৷ ২৫ বছৰ ধৰি সঞ্চালকালয়ৰ কাৰ্যালয়টো নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি লুণ্ঠন চলাইছে সুবৰ্ণময় দেয়ে৷ আঁচনিৰ ধন লুটি আজি কোটি কোটি ঘটিছে সুবৰ্ণময় দেয়ে৷ নিবিদাৰ নিয়ন্ত্ৰণ তেওঁৰ হাতত৷ ঠিকাদাৰ তেওঁৰ হাতত৷ সমস্ত কাৰ্যালয় তেওঁৰ কব্জাত৷ এই কাৰ্যালয়টোৰ পৰা অনুসূচিত জাতিৰ পৰিৱৰ্তে সুবৰ্ণময় দে’ৰহে উন্নতি হোৱা দেখা গৈছে৷ তেওঁ আজি প্ৰায় ৫০ কোটি টকাৰ সম্পত্তিৰগৰাকী বুলি চৰ্চা চলিছে৷ গুৱাহাটীত মাটি, কেইবা মহলীয়া অট্টালিকা নিৰ্মাণ কৰাৰ লগতে কেইবাঠাইত বিলাসী ফ্লেট ক্ৰয় কৰিছে৷ সংগঠনটোৱে শীঘ্ৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, আয়কৰ বিভাগ, নাইবা অসম চৰকাৰৰ চিআইডিৰ দ্বাৰা দেৰ সম্পত্তিৰ ওপৰত তদন্তৰ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে৷ ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দে’ৰ সৈতে লুণ্ঠনৰ সহযোগী হৈছে প্লানিং অফিচাৰ লিটন মিত্ৰ৷ ৮ বছৰে প্লানিং অফিচাৰৰ চকীত বহি থকা লিটন মিত্ৰক বদলি কৰা হৈছিল যদিও ন্যায়ালয়ৰ কাষ চাপি পিতৃৰ ৰোগৰ অচিলাৰে বদলি স্থগিত কৰিছিল৷ প্ৰকৃততে পিতৃৰ ৰোগ এক অজুহাতহে আছিল৷ উদ্দেশ্যে হৈছে কাৰ্যালয়টোত লুণ্ঠনৰাজ চলোৱা৷ একেটা কাৰ্যালয়ত একেখন চকীতে বহি লিটন মিত্ৰ আৰু সুবৰ্ণময় দে’ই সহজ-সৰল অনুসূচিত জাতিৰ লোকৰ উন্নয়নৰ বাবে অহা কোটি কোটি টকাৰ লুটৰাজ চলাই গৈছে বুলি উল্লেখ কৰিছে দাসে৷ আনহাতে, অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ে ৰূপায়ন কৰা আঁচনিসমূহৰ ঠিকা অনুসূচিত জাতিৰ লোকক দিয়াৰ ব্যৱস্থা কৰাৰো দাবী জনায়৷ সৰুপথাৰৰ চাংপুল, নগাঁও জিলাৰ দৰ্শন ফিল্ড আৰু বঢ়মপুৰত মিনি ষ্টেডিয়ামসমূহ ৪০ শতাংশ অনুসূচিত জাতিৰ লোক বসতি কৰা এলেকাত নিৰ্মাণ কৰিবলৈ দাবী জনায়৷

কেন্দ্ৰীয় চৰকাৰে ২০১৬-২০২৩ বৰ্ষলৈ অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱাক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল৷ কিন্তু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ লাভ নকৰিলে৷ দুষ্ট চক্ৰই কোটি কোটি টকা ভুৱা তথ্যৰে সৰকাই নিয়ে৷ এই দুৰ্নীতিৰ বিৰুদ্ধে চিবিআই তদন্ত ঘোষণা কৰাৰ দাবী জনাই সংগঠনটোৱে৷ ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্তীয় আৰু উন্নয়ন নিগমৰ অধীনত অনুসূচিত জাতি উন্নয়ন নিগম বাহাল কৰাৰ ব্যৱস্থা কৰা, অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বেকলগ পদসমূহ পূৰণ কৰাৰো দাবী জনায়৷ সংগঠনটোৱে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে অনা-অনুসূচিত জাতিৰ বহু শ লোকে অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি অনুসূচিত জাতিৰ সংৰক্ষণ কব্জা কৰিছে৷ অনুসূচিত জাতিৰ লোক নোহোৱাৰ সত্বেও অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি-শিক্ষাত সংৰক্ষণ পাইছে৷ অবৈধ চাকৰিয়ালসকলক চিনাক্ত কৰিবলৈ ন্যায়িক তদন্ত সমিতি গঠন কৰা হওক৷ ৰাজ্যৰ চাফাই কৰ্মীসকল বেছিভাগেই অনুসূচিত জাতিৰ৷ কিন্তু বছৰ বছৰ তেওঁলোক অধিকাৰৰ পৰা বঞ্চিত৷ চাফাই কৰ্মীসকলৰ চাকৰি নমিয়মীয়াকৰণ কৰাৰ লগতে জীৱন-ধাৰণৰ প্ৰণালী উন্নত কৰিবলৈ বিশেষ আঁচনি গ্ৰহণ কৰাৰ লগতে চাফাই কৰ্মীৰ চাকৰি অনুসূচিত জাতিৰ বাবে এশ সতাংশই সংৰক্ষণ কৰিবলৈ আহ্বান জনালো৷ অনুসূচিত জাতি-জনজাতিৰ বিষয়াসকলক জ্যেষ্ঠতাৰ ভিত্তিত পূৰ্বৰে পৰা পদোন্নতি দিয়া হৈছিল৷ কিন্তু শেহতীয়াকৈ পদোন্নতি বন্ধ কৰি ৰখাটো এক অন্যায়৷ ৰাজ্যত কৰ্মৰত অনুসূচিত জাতিৰ বিষয়াসকলক জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতি কৰা হওক৷ দাবীসমূহ মানি নল’লে অহা ৫ নৱেম্বৰত অসমত আৰু ৩০ নৱেম্বৰত দিল্লীৰ যন্তৰ-মন্তৰত আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷

  • Brahmaputra Times

    Related Posts

    নৰ্থ ইষ্ট ফেষ্টিভেল: অৰুণীম ভূঞা, ৰীমা শৰ্মা আৰু অথৌবাক বঁটা প্ৰদান…

    দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত কেবাগৰাকী বিশিষ্ট সাংবাদিক সন্মানীয় এন ই এফ মিডিয়া বঁটা ২০২৪ প্ৰদান কৰা হয়। দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে…

    ৰাইডঙীয়াৰ ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ

    নগাঁও জিলাৰ ঐতিহাসিক ৰাইডঙীয়াত অনুষ্ঠিত ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ কৰা পৰিলক্ষিত হয়৷ প্ৰতিবছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত ১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৰাস মহোৎসৱৰ আজি অন্তিম দিন৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ